নিউয়ৰ্কঃ কেৱল ভাৰততেই নহয় বিদেশতো এতিয়া সক্ৰিয় হৈ পৰিছে হিন্দুত্ববাদী সংগঠনসমূহ। ছাউথ এছিয়া চিটিজেন ৱেব চমুকৈ এছএচিডব্লিউৰ শেহতীয়া প্ৰতিবেদনৰ অন্তত এয়া স্পষ্ট হৈ পৰিছে। প্ৰতিবেদনত প্ৰকাশ পোৱা তথ্য অনুযায়ী সংঘ পৰিবাৰৰ সৈতে সম্পৰ্ক থকা আমেৰিকাৰ ৭টাকৈ সংগঠনে যোৱা দুটা দশকত ভাৰতলৈ ধন প্ৰেৰণকে ধৰি একাধিক কাম-কাজৰ বাবে খৰছ কৰিছে ১,২২৭ কোটি টকা।

৯৩ পৃষ্ঠাৰ এই প্ৰতিবেদনত আমেৰিকাস্থিত হিন্দুত্ববাদী সংগঠনসমূহৰ বিত্তীয় লেনদেনৰ প্ৰসংগ উল্লেখ কৰা হৈছে। এই বিত্তীয় লেনদেনৰ অধিকাংশ লেনদেনৰ আঁৰৰ কাৰণ হৈছে বৰ্তমানৰ বিজেপি চৰকাৰৰ ভাৱমূৰ্তি বিদেশত অধিক উজলাই তোলা। ইয়াৰ লগতে ভাৰতত থকা সহযোগী সংস্থাসমূহলৈ ধন প্ৰেৰণ, ধৰ্ম আৰু ইতিহাস বিষয়ক পাঠ্যপুথি আৰু শৈক্ষিক পাঠ্যক্ৰমত হিন্দুত্ববাদৰ প্ৰভাৱ বিস্তাৰতো এই ধন ব্যৱহাৰ কৰাৰ কথা প্ৰতিবেদন প্ৰকাশ পাইছে।

প্ৰগতিশীল চিন্তাধাৰাক একাষৰীয়া কৰি বিজেপি আৰু আৰএছএছৰ অতি ৰাষ্ট্ৰীয়তাবাদৰ জৰিয়তে দেশৰ লগতে বিদেশত থকা ভাৰতীয়সকলকো যাতে সামৰি ৰাখিব পাৰি তাৰ বাবেই এই সংগঠনসমূহে কাম-কাজ চলাই যোৱাৰ কথাও প্ৰতিবেদনত স্পষ্টকৈ আছে। প্ৰতিবেদনত ২৪টাকৈ মাৰ্কিন হিন্দু সংগঠনৰ নামৰ লগতে সবিশেষ তথ্যও সন্নিবষ্ট কৰা হৈছে। এই সংস্থাসমূহৰ মুঠ সম্পত্তিৰ পৰিমাণ অতিকমেও ১০০ মিলিয়ন।

হিন্দুত্ববাদৰ নামত কোনে কেনেকৈ ঢালিছে ধন?

'প্ৰাপ্ত টেক্স ৰিটাৰ্ণৰ তথ্য অনুযায়ী ২০০১-২০১৯ চনলৈকে ৭টাকৈ  সংঘ পৰিবাৰৰ সৈতে যুক্ত সংগঠনে বিভিন্ন কাম-কাজৰ বাবে অতিকমেও ১৫৮.৯ মিলিয়ন ডলাৰ খৰছ কৰিছে। ইয়াৰ অধিকাংশ ধনেই ভাৰতত থকা সহযোগী সংগঠনলৈ প্ৰেৰণ কৰিছে।’-এইদৰে উল্লেখ আছে এছএচিডব্লিউৰ উক্ত প্ৰতিবেদনত।

এই সাতটা সংগঠন হৈছে অল ইণ্ডিয়া ম’ভমেণ্ট ফৰ সেৱা, একল বিদ্যালয় ফাউণ্ডেশ্যন অব আমেৰিকা, ইণ্ডিয়া ডেভলপমেণ্ট এণ্ড ৰিলিফ ফাণ্ড, পৰম শক্তি পীঠ, পিৱাইপি য়োগ ফাউণ্ডেশ্যন, বিশ্ব হিন্দু পৰিষদ অব আমেৰিকা আৰু সেৱা ইণ্টাৰনেশ্যনেল। প্ৰতিবেদনত প্ৰকাশ পোৱা মতে ২০০১ৰ পৰা ২০১৯লৈ হোৱা মুঠ খৰছৰ ৫৩ শতাংশ ধন খৰছ হৈছে যোৱা ৫ বছৰত। অৰ্থাৎ ২০১৪ৰ পৰা ২০১৯ চনলকৈ সংগঠনকেইটাই হিন্দুত্ববাদৰ প্ৰসাৰৰ নামত খৰছ কৰিছে ৮৫.৪ মিলিয়ন ডলাৰ।

মাৰ্কিন টেক্স ৰেকৰ্ড, চৰকাৰী ফাইলিং, সাৰ্বজনিক মন্তব্য, চৰকাৰী ৱেবছাইট, সংস্থাসমূহৰ ৱেবছাইট আৰু বা-বাতৰিৰ আধাৰত যুগুত কৰা এই প্ৰতিবেদনত উক্ত সংস্থাসমূহৰ শ্বেয়াৰ হল্ডিং পেটাৰ্নৰ বিষয়টোও সামৰি লোৱা হৈছে বুলি সদৰী কৰিছে এছএচিডব্লিউৱে। ইয়াৰ ফলত এই সংস্থাসমূহে কিধৰণে কাম কৰে সেয়া জলজল-পটপট হৈ পৰিছে। উদাহৰণ হিচাপে ধৰ্ম চিভিলাইজেশ্যন ফাউণ্ডেশ্যনৰ তিনিগৰাকী ট্ৰাষ্টি হৈছে হিন্দু স্বয়ংসেৱক সংঘ চমুকৈ এছএছএছৰ শীৰ্ষ বিষয়ববীয়া। এই এছএছএছ সংগঠনটোক আমেৰিকাৰ আৰএছএছ হিচাপে গণ্য কৰি অহা হৈছে।

ধৰ্ম চিভিলাইজেশ্যন ফাউণ্ডেশ্যনে ২০১২-২০১৬ৰ মাজৰ সময়ছোৱাত বিভিন্ন শৈক্ষিক সংস্থাক অতিকমেও ১৩ মিলিয়ন ডলাৰ প্ৰদান কৰিছে। ৰিপ’ৰ্ট অনুযায়ী ২০১৫ চনত কেলিফৰ্নিয়াৰ শিক্ষা বিভাগৰ পাঠ্যক্ৰমত দলিত শব্দ সংলগ্ন কৰাৰ বিৰোধিতাৰে স্বাক্ষৰ অভিযান চলাইছিল ধৰ্ম চিভিলাইজেশ্যনে। সংগঠনটোৱে ২০১২ আৰু ২০১৫ চনত দুখনকৈ মাৰ্কিন শৈক্ষিক প্ৰতিষ্ঠানলৈ আৰ্থিক অনুদানো আগবঢ়াইছিল।

২০১৬ চনত কেলিফৰ্ণিয়া বিশ্ববিদ্যালয়কো ধৰ্ম ফাউণ্ডেশ্যনে ৬ মিলিয়ন ডলাৰৰ অনুদান আগবঢ়োৱাৰ পৰিকল্পনা কৰিছিল যদিও বিশ্ববিদ্যালয়খনৰ শিক্ষক আৰু শিক্ষাৰ্থীসকলে ভাৰতৰ অতি হিন্দুত্ববাদৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰাত সেয়া বন্ধ ৰাখে। প্ৰতিবেদনত উক্ত হিন্দুত্ববাদী সংগঠনসমূহ বিশেষকৈ দ্য হিন্দু আমেৰিকান পলিটিকেল একশ্যন কমিটিয়ে ২০১২ৰ পৰা ২০২০ চনলৈকে আমেৰিকাৰ বিভিন্ন নিৰ্বাচনত ১,৭২,০০০ ডলাৰ খৰছ কৰাৰ কথাও উল্লেখ আছে। 

আমেৰিকাৰ ৰাজনীতিতো হিন্দুত্ববাদৰ ধন

এছএচিডব্লিউৰ প্ৰতিবেদন মতে ২০১৫ৰ পৰা ২০২০লৈকে মাৰ্কিন কংগ্ৰেছৰ সদস্য ৰাজা কৃষ্ণমূৰ্তিক এছএপিএচি আৰু সংঘৰ সৈতে জড়িত ব্যক্তিয়ে ১,১৭,০০০ ডলাৰ আগবঢ়াইছিল। পৰৱৰ্তী সময়ত কৃষ্ণমূৰ্তিয়ে কেলিফৰ্ণিয়াৰ শিক্ষা ব্যৱস্থাত হিন্দুত্ববাদী বিষয় অন্তৰ্ভুক্ত কৰিবলৈকে চেষ্টা অব্যাহত ৰাখিছিল। উল্লেখ্য যে, ২০১৯ চনত হিউজষ্টনত অনুষ্ঠিত ডনাল্ড ট্ৰাম্প আৰু নৰেন্দ্ৰ মোদীয়ে অংশগ্ৰহণ কৰা হাউডি মোদী অনুষ্ঠানত ভাগলোৱা একমাত্ৰ ভাৰতীয় মূলৰ সাংসদ আছিল কৃষ্ণমূৰ্তি।

ইয়াৰ লগতে প্ৰাক্তন মহিলা সাংসদ আৰু ৰাষ্ট্ৰপতি পদৰ প্ৰত্যাশী তুলসী গৱাৰ্ডে ২০১৪ আৰু ২০১৯ চনৰ সময়ছোৱাত ১,১০,০০০ ডলাৰ উক্ত সংগঠনসমূহৰ পৰা লাভ কৰিছিল। এই সময়ছোৱাতেই কেলিফৰ্ণিয়াৰ ডেম’ক্ৰেট সাংসদ ব্ৰেড চেৰমেনে লাভ কৰিছিল ২৭,০০০ ডলাৰ।

ছাউথ এছিয়া চিটিজেন ৱেব চমুকৈ এছএচিডব্লিউৰ শেহতীয়া এই প্ৰতিবেদনত উক্ত হিন্দুত্ববাদী মাৰ্কিন সংগঠনসমূহে বিভিন্ন অনিয়মৰ আশ্ৰয় লোৱা বুলিও দাবী কৰিছে। চৰকাৰী ফাইলিং আৰু সংগঠনসমূহৰ নিজা ৱেবছাইটত প্ৰকাশ কৰা তথ্যত মিল নথকালৈ চাই এই দাবী কৰিছে প্ৰতিবেদন যুগুত কৰা ছাউথ এছিয়া চিটিজেন ৱেবে।