কলকাতাঃ ভাৰতীয় সংগীতৰ ক্ষেত্ৰখনলৈ আন এক দুঃসংবাদ। প্ৰসিদ্ধ কণ্ঠশিল্পী কেকে (কৃষ্ণকুমাৰ কুন্নাথ) আৰু নাই। মঙলবাৰে নিশা কলকাতাৰ গুৰুদাস কলেজৰ এক অনুষ্ঠানত গীত পৰিৱেশন কৰি উঠাৰ কিছু সময় পিছতেই শেষ নিশ্বাস ত্যাগ কৰে শিল্পীগৰাকীয়ে। নজৰুল মঞ্চত অনুষ্ঠিত হৈছিল এই অনুষ্ঠান। 

অনুষ্ঠান চলি থকাৰ সময়তে কেবাবাৰো নৰিয়া দেহৰ কথা উল্লেখ কৰিছিল কেকেই। অসুস্থ শৰীৰৰ বাবে স্পটলাইট অফ কৰি দিবলৈ কৈছিল শিল্পীগৰাকীয়ে। অনুষ্ঠানত বাংলা আৰু হিন্দীৰ লগতে কেবাটাও ভাষাত গীত পৰিৱেশন কৰিছিল কেকেই। 

অধিক অসুস্থ হৈ পৰাত শিল্পীগৰাকীক ডায়মণ্ড হাৰবাৰ ৰোডস্থিত এখন বেচৰকাৰী হাস্পতাললৈ নিয়া হয় যদিও চিকিৎসকে মৃত ঘোষণা কৰে। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল মাত্ৰ ৫৩ বছৰ।

উল্লেখ্য যে নজৰুল মঞ্চত অনুষ্ঠান পৰিৱেশনৰ বাবে সোমবাৰে নিজৰ দলসহ মুম্বাইৰ পৰা কলকাতাত উপস্থিত হৈছিল শিল্পীগৰাকী। অৱশেষত এই অনুষ্ঠানটোৱেই হৈ পৰে শিল্পীগৰাকীৰ অন্তিমটো অনুষ্ঠান। শিল্পীগৰাকীৰ মৃত্যুত শোকস্তব্ধ হৈ পৰিছে সমগ্ৰ দেশ।

হঠাৎ কি হৈছিল?

সোমবাৰে কলকাতাত নিজৰ টীমসহ উপস্থিত হৈছিল শিল্পীগৰাকী। ১০ ঘণ্টা পূৰ্বে নিজৰ অফিচিয়েল ইনষ্টাগ্ৰাম একাউণ্টত শিল্পীগৰাকীয়ে পোষ্ট কৰি কৈছিল কলকাতাৰ মিউজিক কনছাৰ্টত গীত পৰিৱেশন কৰাৰ কথা।

গীত গাই থকাৰ মাজতে অসুস্থ হৈ পৰিছিল শিল্পীগৰাকী। সেয়ে অনুৰাগীসকলে ফটো তুলিবলৈ কৰা অনুৰোধ ৰক্ষা কৰিব পৰা নাছিল তেওঁ। অনুষ্ঠান সামৰি তেওঁ পূৰ্বতে ঠিক কৰি থোৱা হোটেললৈ ৰাওনা হৈছিল। 

কলকাতাৰ সংবাদ মাধ্যমত প্ৰকাশিত বাতৰি অনুযায়ী হোটেলৰ কোঠালৈ যাওতেই ছিৰিত হঠাৎ ঢলি পৰিছিল অসুস্থ কেকে। তাৰ পিছত তেওঁক ততাতৈয়াকৈ হাস্পতাললৈ নিয়া হয় যদিও পুনৰ আৰু চকু মেলি নাচালে। চিএমআৰআই হাস্পতালৰ সূত্ৰই সদৰী কৰা মতে হাস্পতাল পোৱাৰ পূৰ্বেই শিল্পীগৰাকীৰ মৃত্যু ঘটিছিল।

তড়প তড়প কেৰ পৰা পল, য়াৰোলৈকে...

কেকে 'পল’ আৰু 'য়াৰো’ৰ দৰে গানৰ বাবে সমগ্ৰ দেশতে বিখ্যাত হৈ পৰিছিল। ৯০ৰ দশকৰ শেষৰফালে যুৱচামৰ মাজত অভূতপূৰ্ব জনপ্ৰিয়তা লাভ কৰিছিল কেকেই। ১৯৯৯ চনত মুক্তি লাভ কৰা এলবাম 'পল’ সংগীতপ্ৰেমীসকলৰ হৃদয়ৰ মণিকোঠাত আজিও ৰৈ গৈছে। তাৰ পিছতেই তেওঁ নেপথ্যৰ কণ্ঠশিল্পী হিচাপে জনপ্ৰিয় হৈ পৰে। 

উক্ত বৰ্ষতেই মুক্তি পোৱা 'হাম দিল দে ছুকে ছনম' ছবিখনৰ 'তড়প তড়প কে’ শীৰ্ষক গীতটোৱে তেওঁলৈ আনি দিয়ে অপাৰ জনপ্ৰিয়তা। ২০০২চনত 'দেৱদাস’ চিনেমাখনৰ 'দোলা ৰে দোলা’ গীতটিয়েও কেকেৰ কণ্ঠত প্ৰাণ পাই উঠিছিল।

বলীউডৰ চিনেমাৰ হিন্দী গানৰ লগতে তেওঁ কেবাটাও আঞ্চলিক ভাষাৰ গীততো কণ্ঠদান কৰিছিল। বাংলা, তামিল, তেলেগু, কানাড়া, মালয়ালম, আৰু মাৰাঠা ভাষাৰ গীতৰ উপৰিও তেওঁ অসমীয়া গীতো গাইছিল। ১৯৬৮ চনত দিল্লীত এটি মালায়লি পৰিয়ালত জন্মগ্ৰহণ কৰা কেকেৰ পিতৃ-মাতৃ হৈছে ক্ৰমে চিএছ মেনন আৰু কুন্নাথ কনকাভল্লি। কেকেৰ সম্পূৰ্ণ নাম কৃষ্ণকুমাৰ কুন্নাথ।