গুৱাহাটীঃ কৰ’না ভাইৰাছৰ সংক্ৰমণ ৰোধৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৰা ঘোষণা অনুযায়ী সমগ্ৰ দেশতে অব্যাহত আছে ২১ দিনীয়া লকডাউন। এই লকডাউনৰ মাজতে দেশৰ ভিন্ন স্থানত কৰ’নাত আক্ৰান্ত লোকৰ সংখ্যা ক্ৰমাৎ বৃদ্ধি হোৱাৰ খবৰ পোৱা গৈছে। সৌভাগ্যক্ৰমে অসমত এই পৰ্যন্ত ভাইৰাছবিধে পোখা মেলিব পৰা নাই যদিও ৰাজ্য চৰকাৰে সম্ভাৱ্য যিকোনো পৰিস্থিতিৰ বাবে নিজকে সাজু কৰি ৰাখিছে।
এই ক্ষেত্ৰত দেশৰ আন ৰাজ্যসমূহৰ দৰে অসমতো ৰাজ্য চৰকাৰক কৰ’নাৰ বিৰুদ্ধে ঘোষণা কৰা যুদ্ধত সহায় কৰিবলৈ আগবাঢ়ি আহিছে বিদ্যা ভাৰতীয়ে। বিদ্যা ভাৰতীৰ অন্তৰ্ভূক্ত শিশু শিক্ষা সমিতি অসমৰ ৰাজ্যিক সাংগঠনিক সম্পাদক হেমন্ত ধিং মজুমদাৰে জনোৱা মতে, কৰ’নাক প্ৰতিহত কৰিবলৈ সংগঠনে চৰকাৰক সহযোগ কৰিবলৈ তেওঁলোক সম্পূৰ্ণৰূপে প্ৰস্তুত আছে। সমিতিয়ে প্ৰয়োজন হ’লে নিজৰ বিদ্যালয়সমূহত আইছ’লেশ্যন কেন্দ্ৰ স্থাপনৰ বাবে চৰকাৰক অৰ্পণ কৰিবলৈ সাজু বুলিও মজুমদাৰে জনায়।