গুৱাহাটীঃ কৰ’না ভাইৰাছৰ সংক্ৰমণ ৰোধৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৰা ঘোষণা অনুযায়ী সমগ্ৰ দেশতে অব্যাহত আছে ২১ দিনীয়া লকডাউন। এই লকডাউনৰ মাজতে দেশৰ ভিন্ন স্থানত কৰ’নাত আক্ৰান্ত লোকৰ সংখ্যা ক্ৰমাৎ বৃদ্ধি হোৱাৰ খবৰ পোৱা গৈছে। সৌভাগ্যক্ৰমে অসমত এই পৰ্যন্ত ভাইৰাছবিধে পোখা মেলিব পৰা নাই যদিও ৰাজ্য চৰকাৰে সম্ভাৱ্য যিকোনো পৰিস্থিতিৰ বাবে নিজকে সাজু কৰি ৰাখিছে।

এই ক্ষেত্ৰত দেশৰ আন ৰাজ্যসমূহৰ দৰে অসমতো ৰাজ্য চৰকাৰক কৰ’নাৰ বিৰুদ্ধে ঘোষণা কৰা যুদ্ধত সহায় কৰিবলৈ আগবাঢ়ি আহিছে বিদ্যা ভাৰতীয়ে। বিদ্যা ভাৰতীৰ অন্তৰ্ভূক্ত শিশু শিক্ষা সমিতি অসমৰ ৰাজ্যিক সাংগঠনিক সম্পাদক হেমন্ত ধিং মজুমদাৰে জনোৱা মতে,  কৰ’নাক প্ৰতিহত কৰিবলৈ সংগঠনে চৰকাৰক সহযোগ কৰিবলৈ তেওঁলোক সম্পূৰ্ণৰূপে প্ৰস্তুত আছে। সমিতিয়ে প্ৰয়োজন হ’লে নিজৰ বিদ্যালয়সমূহত আইছ’লেশ্যন কেন্দ্ৰ স্থাপনৰ বাবে চৰকাৰক অৰ্পণ কৰিবলৈ সাজু বুলিও মজুমদাৰে জনায়। 

সাংগঠনিক সম্পাদক মজুমদাৰে আৰু কয়, "এই সময়ছোৱাত আইছ'লেশ্যন কেন্দ্ৰ লগতে সাহায্য শিবিৰ স্থাপনৰ বাবে বিদ্যালয় চৌহদো ব্যৱহাৰ কৰিব পাৰিব প্ৰশাসনে। চৰকাৰে ৰেল আৰু বাছসমূহতো আইছ’লেশ্যন বাৰ্ড স্থাপনৰ পৰিকল্পনা হাতত লৈছে। কিন্তু ইয়াৰ বাবে যথেষ্ট খৰচ হ’ব। সেয়ে আমি এই সিদ্ধান্ত গ্ৰহণ কৰিছো। বিদ্যালয়সমূহক আইছ’লেশ্যন চেণ্টাৰ কৰিবলৈ চৰকাৰে ইমান বেছি ধন খৰচ কৰাৰ প্ৰয়োজন নহ’ব।" 

আনহাতে শিশু শিক্ষা সমিতি অসমৰ সাধাৰণ সম্পাদক কুলেন্দ্ৰ কুমাৰ ভাগৱতীয়েও কয় যে সমিতিয়ে কৰ’নাক ৰোধ কৰিবলৈ চৰকাৰক সহায় কৰিবলৈ নিজকে এতিয়াৰে পৰা সাজু কৰি ৰাখিছে। ‘কৰ’না মহামাৰীৰ বিৰুদ্ধে বিদ্যালয় ভৱন চৰকাৰ-প্ৰশাসনক অৰ্পণ কৰাৰ লগতে আন ধৰণেও সহায়-সহযোগিতা আগবঢ়াবলৈকো আমি সদা সষ্টম হৈ আছো। এনে বিপদৰ মুহূৰ্তত আমি সকলোৱে আগবাঢ়ি অহা উচিত। এইকেইদিন বিদ্যালয়সমূহ বন্ধ হৈ আছে। গতিকে এনে সময়ত আমাৰ বিদ্যালয়গৃহসমূহ ইয়াতকৈ আন কোনো ভাল কামতে ব্যৱহাৰ হ’ব নোৱাৰে।’- বিদ্যা ভাৰতীয়ে বিদ্যালয় গৃহসমূহ প্ৰশাসনক ৰাজ্যৰ সংকটকালত অৰ্পণ কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে বুলি উল্লেখ কৰি ভাগবতীয়ে কয়।