Printer-friendly version

গুৱাহাটীঃ ইণ্টাৰনেশ্যনেল হিউমেন ৰাইটছ কাউঞ্চিলৰ উদ্যোগত অসমৰ ৰাজধানী চহৰ গুৱাহাটী মহানগৰীকে ধৰি তিনিচুকীয়া, ডিব্ৰুগড়, ডিগবৈ আদি চহৰত কৰ্তব্য সম্পাদন কৰি থকা আৰক্ষী তথা সেনাবাহিনীৰ লোকসকলৰ মাজত মাস্ক আৰু ছেনিটাইজাৰ বিতৰণ কৰা হয়৷ সংগঠনটোৰ বিভিন্ন ৰাজ্যত থকা ৰাজ্যিক নেতৃত্বৰ তৰফৰপৰাও মাস্ক আৰু ছেনিটাইজাৰ বিতৰণ কৰা হয়৷

উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰতিখন ৰাজ্যতে সংগঠনটোৱে জৰুৰী কাৰ্যত নিয়োজিত কৰ্মচাৰীসকলৰ মাজত এই সামগ্ৰীসমূহ বিতৰণ কৰাৰ লগতে বিভিন্ন ৰাজ্যত অধ্যয়নৰত ছাত্ৰ-ছাত্ৰীসকলে যাতে খাদ্যৰ অভাৱত পৰিবলগীয়া নহয় সেই বিষয়টোত গুৰুত্ব আৰোপ কৰিবলৈ চৰকাৰক আহ্বান জনায়৷ তদুপৰি দিন হাজিৰা কৰা লোক আৰু অট’চালক, ৰিক্সাচালক আদিয়ে যাতে এই লকডাউনৰ সময়ত অত্যাৱশ্যকীয় খাদ্য সামগ্ৰীৰ অভাৱত পৰিবলগীয়া নহয় সেই বিষয়টোতো গুৰুত্ব আৰোপ কৰিবলৈ আহ্বান জনায়৷

স্বাস্থ্যসেৱাৰ লগত জড়িত কৰ্মচাৰীসকলৰ স্বাস্থ্য সুৰক্ষাৰ দিশটোৰ প্ৰতিও তীক্ষ্ণ নজৰ দিবলৈ আহ্বান জনোৱাৰ বিষয়ে উল্লেখ কৰে সংগঠনটোৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক কমল ৰাজ ছেত্ৰীয়ে৷ ছেত্ৰীয়ে এই লকডাউনৰ সময়ছোৱাত যাতে প্ৰতিগৰাকী নাগৰিকে অত্যাৱশ্যকীয় সামগ্ৰীৰ অভাৱ অনুভৱ কৰিবলগীয়া নহয় সেই বিষয়টো গুৰুত্ব সহকাৰে বিবেচনা কৰিবলৈ চৰকাৰৰ প্ৰতিও আহ্বান জনায়৷

অন্যহাতে অৰুণাচল প্ৰদেশৰ ৰাজ্যিক সাধাৰণ সম্পাদক ছিন্নন এছ বিল্লাইৰ নেতৃত্বত ৰাজ্যখনৰ লোহিত জিলাৰ ওপৰিও ৰাজ্যখনৰ আন প্ৰান্তত থকা অভাৱগ্ৰস্ত লোকসকলৰ মাজত বিভিন্ন খাদ্য সামগ্ৰী বিতৰণ কৰাৰ বাবে কৃতজ্ঞতা প্ৰকাশ কৰে ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদকগৰাকীয়ে৷ সংগঠনটোৰ সদস্যসকলে এই জৰুৰী অৱস্থাত মহাৰাষ্ট্ৰ, ওড়িশা, দিল্লী, পশ্চিমবংগ আদিত দুৰ্দশাগ্ৰস্ত লোকসকলৰ মাজত অত্যাৱশ্যকীয় সামগ্ৰী বিতৰণ কৰি সেৱা আগবঢ়াই অহাৰ বাবে ৰাষ্ট্ৰীয় সম্পাদকগৰাকীয়ে প্ৰতিগৰাকী সদস্যক কৃতজ্ঞতা প্ৰকাশ কৰাৰ লগতে সকলোধৰণৰ সহযোগিতা আগবঢ়োৱাৰ আশ্বাস প্ৰদান কৰে৷

উল্লেখযোগ্য যে উক্ত সংগঠনটোৱে দেশৰ বিভিন্ন প্ৰান্তৰ উপৰিও ডুবাই, দক্ষিণ আফ্ৰিকা, আমেৰিকা যুক্তৰাষ্ট্ৰ, লেবানন আদিতো আৰ্তজনৰ বাবে সেৱা আগবঢ়াই আহিছে৷ কৰ’না ভাইৰাছক লৈ বিশ্বৰ কোনো প্ৰান্ততে যাতে অনাহূত পৰিস্থিতিৰ সৃষ্টি হ’ব নোৱাৰে তাৰ প্ৰতিও গুৰুত্ব আৰোপ কৰিছে সংগঠনটোৱে।