ডিজিটেল ডেস্কঃ ফ্লৰিডা নিবাসী ১৪৫ কেজি ওজনৰ বেৰোনিকা পোজে নামৰ ৬৪ বছৰীয়া এগৰাকী মহিলাই শাস্তি হিচাপে নিজৰেই ৯ বছৰীয়া সম্বন্ধীয় ভনীয়েকৰ ওপৰত বহি দিয়ে। ইয়াৰ পিছতেই উশাহ নিশাহ বন্ধ হৈ শিশুটিৰ মৃত্যু হয়।
হত্যাকাৰী পোজেই অনুসন্ধানকাৰীক জানিবলৈ দিয়া মতে তেওঁৰ ভনীয়েক ডেৰিকা লিণ্ডেচ বহুত উৎপতীয়া। সেই মুহূৰ্ততো ডেৰিকাই উৎপাত কৰি আছিল সেই কাৰণে শাস্তি দিবৰ বাবে তাই ডেৰিকাৰ ওপৰত বহি দিয়ে। পোজেই বহাৰ কিছু মূহুৰ্তৰ পিছতে ভনীয়েক ডেৰিকাৰ উশাহ নিশাহ বন্ধ হৈ বেহুঁচ হৈ পৰে।