বেতবাৰীঃ ঐতিহ্যমণ্ডিত শিৱসাগৰ জিলাৰ জয়সাগৰ পুখুৰীৰ পাৰৰ শিৱসাগৰ কলেজত প্ৰাক্তন শিক্ষাৰ্থী সন্মিলন অনুষ্ঠিত কৰাৰ ব্যাপক প্ৰস্তুতি চলাই থকা পৰিলক্ষিত হৈছে৷ বছৰ বছৰ ধৰি মহাবিদ্যালয়খনৰ শিক্ষা সমাপ্ত কৰি ওলাই যোৱা ছাত্ৰ-ছাত্ৰীসকলে পঢ়া কালৰ মধুৰ স্মৃতি লৈ আকৌ এবাৰ একত্ৰিত হ’ব৷
প্ৰাক্তন ছাত্ৰ-ছাত্ৰীসকলে মহাবিদ্যালয়খনত তেওঁলোকৰ সোঁৱৰণিৰ পৃষ্ঠাবোৰ ৰোমন্থন কৰিব। অহা ২৩ আৰু ২৪ ডিচেম্বৰত দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হ’ব৷ ১৯৪৭ চনত পাঠদান আৰম্ভ হোৱাৰে পৰা এতিয়ালৈকে প্ৰাক্তন ছাত্ৰ-ছাত্ৰীসকলে সন্মিলনখন উপস্থিত থাকিব। কলেজ চৌহ ৰং-বিৰঙেৰে সাজু কৰি তোলা হৈছে। ফুলনি কবি পদ্মধৰ চলিহাৰ অশেষ পৰিশ্ৰমৰ ফলশ্ৰুতিত ১৯৪৭ চনত প্ৰতিষ্ঠ কৰা শিৱসাগৰ কলেজে সগৌৰৱে ভৰি দিছে ৭১টা বছৰত।