116
গুৱাহাটীঃ গুৱাহাটী মহানগৰীৰ চানমাৰীৰ অসম অভিযান্ত্ৰিক খেল পথাৰত শুকুৰবাৰৰ পৰা আৰম্ভ হ’ব গুৱাহাটী গ্ৰন্থমেলা। এইবেলি ৩১ বছৰত ভৰি দিছে গুৱাহাটী গ্ৰন্থমেলাই৷
যাৰ বাবে চানমাৰীৰ অসম অভিযান্ত্ৰিক খেল পথাৰত দেখা গৈছে ওখল মাখল পৰিবেশ৷ অসম প্ৰকাশন পৰিষদে অনুষ্ঠিত কৰি অহা ৩১সংখ্যক গুৱাহাটী গ্ৰন্থমেলা অহা ২ জানুৱাৰীত অন্ত পৰিব৷ ইতিমধ্যে প্ৰকাশন পৰিষদে প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ কৰি তুলিছে৷ চানমাৰিৰ খেলপথাৰ সজাই-পৰাই তোলা হৈছে৷