Printer-friendly version

শিৱসাগৰঃ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ প্রথম দিন৷ শিৱসাগৰৰ জিলাৰ ভিন্ন প্রান্তৰ পৰীক্ষাকেন্দ্র সমূহত কটকটীয়া নিৰাপত্তা বৃহস্পতিবাৰৰপৰা আৰম্ভ হৈছে৷ 

সমগ্র ৰাজ্যত এইবাৰ অৱৰ্তীণ হৈছে ৩,৫২,১৮৩ জন শিক্ষাৰ্থী৷ সমগ্র পৰীক্ষা কেন্দ্র সমূহত চিচি টিভিৰ সংস্থাপন কৰা হৈছে৷

শিক্ষাৰ্থী সকলে ব্যৱহাৰ কৰিব লাগিব ক'লা চিয়াহী, সমগ্র পৰীক্ষা কেন্দ্র সমূহত নিৰাপত্তা ব্যৱস্থা অতি কটকটীয়া কৰি তোলা পৰিলক্ষিত হৈছে৷ লগতে পৰীক্ষাৰ্থী সকলক শুভেচ্ছা জনাবলৈ অসংখ্য অনুৰাগীৰ ভিৰ দেখিবলৈ পোৱা গৈছে৷