শিৱসাগৰঃ অসমৰ বহুতো ঠাইত বহু সুন্দৰ ঐতিহাসিক কীৰ্ত্তিচিহ্ন দেখা যায়৷ তাৰ মাজত জনপ্ৰিয় আৰু পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু আহোম ৰজাৰ ৰাজধানী চহৰ ৰংপুৰ। এসময়ৰ ৰংপুৰ বৰ্তমান শিৱসাগৰ নামেৰে জনাজাত অসম তথা বিশ্বৰবাসীৰ মাজত। 

আহোম ৰজা স্বৰ্গদেৱ ৰাজেশ্বৰ সিংহৰ পৃষ্ঠপোষকতাত কাৰেং ঘৰ নিৰ্মাণ কৰা ব্যক্তি গৰাকীৰ থকা ঘৰ খন ভালদৰে সংৰক্ষণ কৰিবলৈ সক্ষম নহ’ল অসমৰ প্ৰত্নতত্ব বিভাগ৷ আৰু ঘনশ্যামৰ ঘৰৰ প্ৰতি অসম চৰকাৰৰ গাফিলটি দেখা পোৱা গৈছে৷ 

ঘনশ্যাউদ্দীন এজন বঙ্গলী মুছলিম আছিল যদিও পাছলৈ তেখেতে হিন্দু ধৰ্ম দিক্ষিত হৈছিল। স্বৰ্গদেৱ ৰাজেশ্বৰ সিংহই থাকিবলৈ দিয়া ঘনশ্যাউদ্দীন ঘৰ নিৰ্মাণ কৰা হৈছিল শিৱসাগৰ জয়সাগৰ পুখুৰীৰ পাৰত। তেওঁ তাত থাকি কাৰেং ঘৰৰ নিৰ্মাণৰ কাম সম্পূৰ্ণ কৰিছিল ১৭৫১-৬৯ বৰ্ষৰ ভিতৰ বুলি জানিব পৰা যায়।

ঘনশ্যামৰ বাসগৃহটো ৰাষ্ট্ৰীয় সম্পদ হিচাপে সুৰক্ষিত বুলি স্পষ্টকৈ চৰকাৰী ফলকত লিখা আছে যদিও যিকোনো ব্যক্তিয়ে এই ৰাষ্ট্ৰীয় সম্পদ ক্ষতি, নতুবা বিপদগ্ৰস্ত, বা অপব্যৱহাৰ কৰিলে তেওঁলোকক পুৰাতাত্ত্বিক স্থান আৰু অৱশেষ অধিনিয়ম ২০১০ অনুসৰি ২ বছৰ পৰ্যন্ত কাৰাদণ্ড নাইবা ১ লাখ টকা পৰ্যন্ত জৰিমনা বা উভয় দণ্ডৰে দণ্ডিত কৰা হ’ব পাৰে বুলি লিখা আছে৷

চৰকাৰে দণ্ডিত কৰা কথা চৰকাৰী ফলকত লিখা আছে কিন্তু নিজেই সুৰক্ষা প্ৰদান কৰিছে নাই ঘনশ্যাউদ্দীন থকা ঘৰটো? বহু অংশ মাটিত সোমাই পৰিছে। কিয় ব্যৱস্থা গ্ৰহণ নকৰিলে প্ৰত্নতত্ব বিভাগীয় কৰ্মচাৰী সকলৰ বিৰুদ্ধে এইয়া এক প্ৰশ্ন হৈ ৰৈছে৷ 

চৰকাৰে ভালদৰে সংৰক্ষণৰ ব্যৱস্থা গ্ৰহণ নকৰিলে শিৱসাগৰৰ জয়সাগৰ পুখুৰীৰ পাৰত অৱস্থিত এটা কীৰ্ত্তিচিহ্ন নোহোৱা হ’ব বুলি একাংশই বিবেচিত কৰিছে৷ আনহাতে, পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু শিৱসাগৰৰ কীৰ্ত্তিচিহ্ন সমূহক ভালদৰে ৰক্ষণাবেক্ষণ প্ৰদান নকৰিলে পৰ্যটকৰ আকৰ্ষণ লাভ কৰিবলৈ সক্ষম নোহোৱা হ’ব৷ শিৱসাগৰৰ ৰাইজে কীৰ্ত্তিচিহ্ন সমূহ ৰক্ষণাবেক্ষণ দিবলৈ যাতে পৰ্যটক আহিলে লজ্জিত হব লগা নহয় সেই বিষয়ত শিৱসাগৰ বাসীয়ে চৰকাৰক অনুৰোধ জনাইছে৷