শিৱসাগৰঃ আগন্তুক পঞ্চায়ত নিৰ্বাচনক লৈ প্ৰতিটো ৰাজনৈতিক দলেই ব্যাপক নিৰ্বাচনী প্ৰচাৰ অব্যাহত ৰখাৰ সময়তে শিৱসাগৰ জিলাৰ আমগুৰি সমষ্টিত দুজনকৈ প্ৰাৰ্থীৰ বিৰুদ্ধে গাওঁৰ ৰাইজ ক্ষোভিত হৈ উঠা কাৰ্যই প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।
সমষ্টিটোৰ নামতি আলি গাঁও পঞ্চায়তৰ অন্তৰ্গত নামতি লোনপুৰীয়া ন-খনা গাঁওখনৰ যাতায়াতৰ একমাত্ৰ সংযোগস্থল নামতি নদীৰ ওপৰত থকা দলংখন আজি এবছৰেও সম্পূৰ্ণ হৈ নুঠিল৷ পঞ্চায়তৰ প্ৰাৰ্থীক এশিকনি দিয়াৰ সংকল্প ক্ষোভিত ৰাইজৰ৷ উল্লেখ্য যে, লোনপুৰীয়া গাঁওত ২০১৭ বর্ষৰ এপ্ৰিল মাহতে আমগুৰি সমষ্টিৰ বিধায়ক প্ৰদীপ হাজৰিকাই নামতি আলি গাঁও পঞ্চায়তৰ চতুৰ্দশ বিত্তীয় আয়োগৰ ৭ লাখ ৬৩ হাজাৰ টকাৰে নামতি নদীৰ দলঙৰ আধাৰশিলা নিৰ্মাণ কৰিছিল যদিও এবছৰে দলংখন সম্পূৰ্ণ হৈ নুঠাত উত্তেজিত হৈ পৰিছে স্থানীয় ৰাইজ।