নামতিঃ শিৱসাগৰ জিলালৈ গৌৰৱ কঢ়িয়াই আনিলে কেইবাগৰাকী ভাৰ উত্তোলন খেলুৱৈইয়ে৷ গুৱাহাটী মহানগৰীৰ ভাৰতীয় ক্ৰীড়া প্ৰাধিকৰণ প্ৰকল্পত ৫-৭ জানুৱাৰীত অনুষ্ঠিত ৪৫ সংখ্যক আন্তঃজিলা ভাৰ উত্তোলন প্ৰতিযোগিতাত শিৱসাগৰ জিলাৰ খেলুৱৈই সফলতা অৰ্জন কৰি শিৱসাগৰ জিলালৈ গৌৰৱ কঢ়িয়াই আনে৷
পুৰুষ-মহিলাৰ জুনিয়ৰ আৰু চিনিয়ৰ দুটা শাখাত অনুষ্ঠিত প্ৰতিযোগিতাত মহিলা জুনিয়ৰ শাখাত ৪৮ কেজিত শিৱসাগৰৰ বৰ্ণালী বৰাই, ৫৮ কেজি শাখাত পপী হাজৰিকাই আৰু ৫৩ কেজিত নৱনীতা হাজৰিকাই সোণৰ পদক লাভ কৰে। ৭৫ কেজি শাখাত শিৱসাগৰৰ কবিতা খনিকৰে ৰূপৰ পদক লাভ কৰৰা লগতে ৬৩ কেজি শাখাত সংগীতা সাধনিকাৰে ‘স্নেটছত’ ব্ৰঞ্জৰ পদক লাভ কৰে।