নতুন দিল্লীঃ দিল্লীৰ নিজামুদ্দিনৰ এটি মছজিদত অনুষ্ঠিত হোৱা তবলীগ জামাতত অংশগ্ৰহণ কৰা ৬ গৰাকী লোকৰ তেলেংগানাত মৃত্যু ঘটিছে। এই আটাইকেইগৰাকীৰে দেহত কৰ’না ভাইৰাছৰ পজিটিভ ধৰা পৰিছে বুলি সদৰী কৰিছে ৰাজ্যখনৰ স্বাস্থ্য বিভাগে।

১মাৰ্চৰ পৰা ১৫ মাৰ্চলৈ অনুষ্ঠিত হোৱা এই তবলীগ জামাতত ভাৰতৰ ভিন্ন প্ৰান্তৰ লগতে মালয়েছিয়া, ইণ্ডোনেছিয়া, ছৌদি আৰৱ আৰু কিৰ্ঘিস্তানৰ পৰা অহা অতি কমেও ২০০০ লোকে অংশগ্ৰহণ কৰিছিল। এনে পৰিস্থিতিৰ উদ্ভৱ হোৱা সত্বেও জামাতৰ 'মাৰ্কাজ’ত বৰ্তমানেও ১৪০০ ৰো অধিক লোক একেলগে থকা বুলি বাতৰিত প্ৰকাশ পাইছে।

ইতিমধ্যে এই জামাতত ভাগ লৈ ঘৰাঘৰি যোৱা দিল্লীৰ ৩০০ ৰো অধিক লোকক কৰ’না ভাইৰাছৰ টেষ্ট কৰি বিভিন্ন হাস্পতালত কোৱাৰেণ্টাইনত ৰখাৰ ব্যৱস্থা কৰা হৈছে। ইয়াৰ লগতে আজি দিনৰ ভাগত মাৰ্কাজত অভিযান চলাই তাত থকা অতিকমেও ১৪০০ লোককো কোৱাৰেণ্টাইনত ৰখাৰ ব্যৱস্থা কৰিছে স্থানীয় প্ৰশাসনে।

উল্লেখ্য যে এই অনুষ্ঠানত অংশগ্ৰহণ কৰা এজন মৌলবীৰো যোৱা সপ্তাহত কৰ’না ভাইৰাছৰ ফলত শ্ৰীনগৰত মৃত্যু হৈছিল। আনহাতে, এই জামাতত ভাগ লোৱা আন্দামান নিকোবৰৰো ৯ জন লোকৰ দেহত কৰ'না পজিটিভ পোৱা গৈছে। এই ৯জনৰ এজনৰ পত্নীৰ দেহতো ভাইৰাছবিধ ধৰা পৰিছে বুলি চৰকাৰী সূত্ৰই কেবাটাও ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ আগত সদৰী কৰিছে।

ইফালে, কৰ’না ভাইৰাছক লৈ জাৰি কৰা চৰকাৰী নিৰ্দেশ উলংঘা কৰাৰ অভিযোগত নিজামুদ্দিনৰ উক্ত মাৰ্কাজটোৰ মৌলবীগৰাকীৰ বিৰুদ্ধে এজাহাৰ দাখিলৰ নিৰ্দেশ দিছে দিল্লীৰ কেজৰিৱাল চৰকাৰে। ছ’চিয়েল ডিছটেন্সিঙৰ নিৰ্দেশ উলংঘা কৰা বাবেই এই ব্যৱস্থা হাতত লোৱা হৈছে বুলি জনাইছে দিল্লী চৰকাৰৰ এটি সূত্ৰই।