কোকৰাঝাৰঃ এবিএমছুৰ সভাপতি লাফিকুল ইছলাম আহমেদৰ হত্যাকাণ্ডৰ প্ৰতিবাদত আৰু হত্যাকাণ্ড চিবিআই তদন্তৰ দাবীত আজি ছালাকাটিত এবিএমছুৰ জিলা আৰু আঞ্চলিক কমিটিৰ সহযোগত বিশাল প্ৰতিবাদী সমদল উলিওৱা হয়।
ছালাকাটিস্থিত এবিএমছুৰ কাৰ্যালয়ৰ পৰা সহস্ৰাধিক প্ৰতিবাদকাৰীয়ে আজি সন্ধিয়া ৭ বজাত হাতে হাতে জোৰ লৈ বিভিন্ন শ্লোগানেৰে ছালাকাটি পৰিভ্ৰমণ কৰে। হত্যাকাৰীক কৰায়ত্ব কৰক, লাফিকুলৰ হত্যাকাণ্ডৰ চিবিআই তদন্ত দিয়ক, আমাক ন্যায় লাগে আদি ইত্যাদি শ্লোগানেৰে চহৰৰ পৰিৱেশ উত্তাল কৰি তোলে। উক্ত প্ৰতিবাদী সমদলত আক্ৰাছুৰ সভাপতি হিতেশ্বৰ বৰ্মন, আছু , এবছু, চাওতাল ছাত্ৰ সন্থা, বেংগলী যুৱ ছাত্ৰ পৰিষদ ,আছাকে ধৰি কেবাটাও সংগঠনৰ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰে।