বাঘবৰঃ বাঘবৰ সমষ্টিৰ বিধায়ক শ্বেৰমান আলী আহমেদৰ বিৰুদ্ধে সমষ্টিত অব্যাহত আছে প্ৰতিবাদ। আজি বাঘবৰ ৰাজহ চক্ৰ কাৰ্যালয়ৰ সন্মুখত মন্দিয়া উন্নয়ন খণ্ডৰ কেইবাখনো পঞ্চায়তৰ প্ৰায় তিনি শতাধিক লোকে প্ৰতিবাদ সাব্যস্ত কৰে বিধায়কগৰাকীৰ বিৰুদ্ধে৷
৪৫ নং বাঘবৰ বিধান সভা সমষ্টিৰ মন্দিয়া উন্নয়ন খণ্ডৰ মন্দিয়া, সত্ৰকনৰা, কদমতলা, ধৰ্মপুৰ ভাইতনাপেইতি, বাঘমাৰা, সোনাবাৰি বাড়ী, বাঘবৰ আদি কৰি ১৯ খন গাঁও পঞ্চায়তৰ বিভিন্ন আঁচনিৰ কাম-কাজত দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ উত্থাপন কৰি প্ৰতিবাদ সাব্যস্ত কৰে৷