ডিজিটেল ডেস্কঃ কেৰ্কেটুৱাই তামোল খায়, নেউলক ধৰি কিলায় বুলি অসমীয়াত কথা এষাৰ আছে। অনুৰূপ ঘটনাই ঘটিছে স্নেপডিলৰ ক্ষেত্ৰত। কাৰোবাৰ ভূলৰ বাবে কোনোবাই পাইছে শাস্তি। 

দৰাচলতে স্নেপচাট নামৰ অনলাইন চাটিং কোম্পানীটোৱে ভাৰতত কোম্পানীটোৰ ব্যৱসায় সম্পৰ্কে কৰা আলোচনাত ভাৰতক দুখীয়া দেশ বুলি কোৱাৰ অভিযোগ উত্থাপিত হৈছে। সেয়ে হেনো দেশখনত স্নেপচাটৰ ইউজাৰৰ সংখ্যা বঢ়া নাই।

''এই এপটো ধনী লোকৰ বাবেহে, সেয়ে ভাৰত আৰু স্পেইনৰ দৰে দেশত ইয়াৰ প্ৰসাৰ কৰি লাভ নাই’’- এই বুলি স্নেপচেটৰ মুখ্য কাৰ্যবাহী বিষয়া ইভান স্পাইগেলে কোৱা বুলি অভিযোগ উত্থাপিত হৈছিল। 

এই অভিযোগ উত্থাপন কৰিছিল কোম্পানীটোৰ এজন প্ৰাক্তন কৰ্মচাৰীয়ে। ছচিয়েল মিডিয়াযোগে প্ৰাক্তন কৰ্মচাৰীজনে এইকথা প্ৰচাৰ কৰি দিয়াৰ পিছতে এক ভাৰ্চুৱেল যুদ্ধ আৰম্ভ হয় কোম্পানীটোৰ বিৰুদ্ধে। বহুতেই এপটো পোনচাটেই ডিলিট কৰি দিয়ে। বহুতেই আকৌ খঙতে একোনাই হৈ এপটোৰ কৰ্তৃপক্ষক গালি-গালাজো কৰে।

কিন্তু পিছতহে উৰহিৰ ওৰ ওলায়। দা হাফিংটন পোষ্ট নামৰ সংবাদমাধ্যমটোৰপৰা স্নেপচাটৰ মুখ্য কাৰ্যালয়ৰ সৈতে হোৱা যোগাযোগত কোম্পানীটোৰ মুখপাত্ৰজনে এই অভিযোগ ভিত্তিহীন বুলি মন্তব্য কৰে। এনেদৰেই বিষয়টো অপপ্ৰচাৰ বুলি স্পষ্ট হৈ পৰে যদিও ইয়াৰ প্ৰভাৱ পোনপটীয়াকৈ পৰে স্নেপডিলৰ ওপৰত।

প্ৰথম দুটা আখৰৰ মিল দেখিয়ে হয়তো বহুতে ভাবি ল’লে যে স্নেপচাট আৰু স্নেপচাট দুয়োটা একেই কোম্পানী। গতিকে দুয়োটাকে বিদায় দিয়াৰ বাবে স্নেপডিল এপটোও আনইনষ্টল কৰিবলৈ আৰম্ভ কৰে ইউজাৰে।

স্নেপডিলক বহুতে ওৱান ষ্টাৰ দিবলৈ আৰম্ভ কৰাত উপায়ন্তৰ হৈ স্নেপডিলে বিষয়টো সন্দৰ্ভত স্পষ্টীকৰণ দি কয় যে স্নেপচাট আৰু স্নেপডিল দুয়োটা সম্পুৰ্ণ পৃথক।