Home ৰাজ্যবেবেজীয়াৰ বিশিষ্ট সমাজকৰ্মী মহেশ্বৰ বৰঠাকুৰৰ দেহাৱসান

বেবেজীয়াৰ বিশিষ্ট সমাজকৰ্মী মহেশ্বৰ বৰঠাকুৰৰ দেহাৱসান

by News Desk
A+A-
Reset
dead manj

নগাঁওঃ নগাঁও জিলাৰ বিৰহ বেবেজীয়া নিবাসী বিশিষ্ট সমাজকৰ্মী মহেশ্বৰ বৰঠাকুৰৰ আজি পুৱা প্ৰায় ১১ বজাত নিজ বাসভৱনত দেহাৱসান ঘটে ৷ মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল ৯০ বছৰ৷ দীৰ্ঘদিন ধৰি উচ্চ ৰক্তচাপজনিত ৰোগত ভূগি থকা বৰঠাকুৰক হঠাতে অসুস্থ হৈ পৰাত যোৱা দেওবাৰে গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল যদিও পিছত চিকিৎসৰ পৰামৰ্শ মতে ঘৰলৈ আনি চিকিৎসকৰ তত্ত্বাৱধানত ৰখা হৈছিল৷ 

ভাৰতীয় জীৱন বীমা নিগমৰ অৱসৰী উচ্চ পদস্থ বিষয়া বৰঠাকুৰ বৃহত্তৰ বেবেজীয়াৰ লগতে জিলাখনৰ বহু সামাজিক অনুষ্ঠান-প্ৰতিষ্ঠানৰ সৈতে ওতঃপোতভাবে জড়িত থাকি সমাজমুখী চিন্তাৰে সমাজৰ হিত সাধনৰ হকে নিজকে অৰ্পণ কৰিছিল ৷ মুখত এমোকোৰা হাঁহি লৈ চাইকেল চলাই চলাই সকলোৰে সুখ আৰু দুখৰ সমভাগী হৈ ভাল পোৱা বৰঠাকুৰৰ প্ৰচেষ্টাতে বেবেজীয়াৰ সমীপৰ শেনচোৱাত স্থাপিত হৈছিল “শংকৰদেৱ শিশু নিকেতন” নামৰ এখন ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠান৷ 

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0