গ্ৰহাণু এটা পৃথিৱীৰ কাষেৰে পাৰ হৈ গ’ল। এই গ্ৰহাণুটোৰ খুন্দাত পৃথিৱী ধ্বংস হৈ যাব পাৰে বুলিও কোনো কোনে লোকে ছিৰিয়াছলি কথা-বতৰা পতাও দেখা গৈছিল। কেবাটাও ইউটিউব চেনেলত কোৱা হৈছিল যে গ্ৰহাণুটোৱে আহি পৃথিৱীত খুন্দা মাৰিব আৰু পৃথিৱী ২৯ এপ্ৰিলৰ দিনটোত ধ্বংস হৈ যাব। অৱশ্যে তেনেকৈ পৃথিৱী ধ্বংস হ’ব বুলি কৈ থকা জনেও শেষত তেনেধৰণৰ আৰু অধিক ভিডিঅ’ পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈকো ক’বলৈ পাহৰা নাছিল।
কেৱল ইমানেইনে? গ্ৰহাণু পৃথিৱীৰ কাষ পোৱা দিনটোত নিশালৈ টিভি চেনেলত বাতৰি ওলাল যে উজান বজাৰৰ পৰা কোনো এজন লোকে তাৰ ভিডিঅ’ কেমেৰাৰে আৱদ্ধ কৰি ৰাখিছে। সেয়ে সম্প্ৰচাৰ হোৱা মাত্ৰকে সকলোৰে চকু থৰ হৈ ৰ’ল। পিছে উজান বজাৰৰ পৰা গ্ৰহাণু এটাৰ ভিডিঅ’ সাধাৰণ কেমেৰাৰে ধৰি ৰখাতো সম্ভৱনে? সবিশেষ লিখিছে বিজ্ঞান লেখক তথা গণিত চ’ৰা ডট কমৰ কো-ফাউণ্ডাৰ পংকজ জ্যোতি মহন্তই।