ডিজিটেল ডেস্কঃ পাটাউদী পৰিয়াললৈ আহিল নতুন আলহী৷ শুকুৰবাৰে ছোহা আলী খানে এটি কন্যা সন্তানৰ জন্ম দিয়ে৷ ছঈফ আলী খানৰ পুত্ৰ তৈমুৰ ডাঙৰ হৈ অহাৰ সময়তে পেহীয়েকে ছোহাই জন্ম দিয়ে কন্যা সন্তানটিৰ৷

পৰিয়াললৈ নতুন সদস্যৰ আগমনৰ বিষয়ে আজি টুইটযোগে জনায় ছোহাৰ স্বামী তথা অভিনেতা কুনাল খেমুই৷ মুম্বাইৰ ব্রিচ কেণ্ডি চিকিৎসালয়ত জন্ম লাভ কৰে কন্যা সন্তাটিয়ে। ছোহাৰ মাতৃ বিশিষ্ট অভিনেত্ৰী শর্মিলা ঠাকুৰেও নতুন আলহীক চাবলৈ চিকিৎসালয়ত উপস্থিত হয়৷

ছঈফ আৰু কৰীণাৰ পুত্ৰ টাইমূৰক লৈ ছ’চিয়েল মিডিয়াত হৈ-চৈ অব্যাহত থকাৰ মাজতে নতুন আলহীৰ অগমন ঘটাত স্বাভাৱিকতে আনন্দই বিৰাজ কৰিছে নবাব পৰিয়ালত৷