গুৱাহাটীঃ অসমৰ প্ৰতিটো জাতি-জনগোষ্ঠীৰ নিজ নিজ কলা-কৃষ্টি, সংস্কৃতি, পৰম্পৰা, সভ্যতা, সংস্কৃতি, লোক নৃত্য, গীত, খাদ্য, সাজ-পোছাক তথা ঐতিহ্য আদি সংকটাপন্ন হোৱাৰ সময়তে সময়তে তিৱাসকলৰ সমাজ, কৃষ্টি, সংস্কৃতি, পৰম্পৰা, সভ্যতা, সংস্কৃতি, লোক নৃত্য, গীত, খাদ্য, সাজ-পোছাক আদি বিশ্বৰ সন্মুখত দাঙি ধৰিবলৈ এক প্ৰচেষ্টা চলাইছে চুমিৰ দেউৰি দামলঙ নামৰ এজন যুৱকে৷

তিৱাসকলৰ সমাজ, কৃষ্টি, সংস্কৃতি, পৰম্পৰা, সভ্যতা, সংস্কৃতি, লোক নৃত্য, গীত, খাদ্য, সাজ-পোছাক আদিৰ উপৰিও তিৱাসকলৰ স্বাধীনত্তোৰৰ ৭০ বছৰ পিছতো তিৱাসকলৰ জীৱনৰ কৰুণ গাঁথা বিশ্বৱাসীৰ মাজত তুলি ধৰিবলৈ বোলছবি নিৰ্মাণ কৰিছে চুমিৰ দেউৰি দামলঙে ৷

জীৱনৰ গীত গাই ভালপোৱা তিৱা জনগোষ্ঠীৰ লোকসকলে আধুনিকতাৰ কৱলত পৰিও স্বকীয়তা বৰ্তাই ৰাখিবলৈ প্ৰচেষ্ঠা কৰিছিল যদিও ক্ৰমান্বয়ে হেৰাই যাবলৈ ধৰা পৰস্পৰা সংস্কৃতি উদ্ধাৰৰ বাবে বৰ্তমান সংগ্ৰাম কৰিব লগা হৈছে।

সৰ্বদিশতে পিছপৰি থকা তিৱা জনগোষ্ঠীয়ে এতিয়া কঠিন পৰিস্থিতিত জীৱন,জীৱিকাৰ বাবে সংগ্ৰাম কৰি আছে যদিও চৰকাৰৰ সুদৃষ্টি পৰা নাই।

তিৱা জনগোষ্ঠীৰ পাহাৰীয়া জন-জীৱনৰ ঘাত-প্ৰতিঘাতৰ জীয়া ছবিখন অৱশেষত চেলুলয়ডত বন্দী কৰিবলৈ সক্ষম হৈছে তিৱা জনগোষ্ঠীৰে কেইগৰাকীমান উদিয়মান যুৱকে। তিৱা জনগোষ্ঠীৰ এক জীয়া কাহিনীৰে অৱশেষত উদিয়মান যুৱককেইগৰাকীয়ে নিৰ্মান কৰিছে তিৱা ভাষাৰ প্ৰথম চলচ্চিত্ৰ "চলমা"।

তিৱা জনগোষ্ঠীৰ কেইজন মান উদিয়মান যুৱক-যুৱতীৰ প্ৰচেষ্টাত নিৰ্মান কৰি উলিওৱা এই বোলছবি খনে তিৱা সমাজ জীৱনৰ জীয়া কাহিনী তুলি ধৰাৰ লগতে সৰ্বদিশতে বঞ্চনাৰ বলি হোৱা তিৱা জনগোষ্ঠীৰ বাস্তৱ দিশকো দাঙি ধৰিছে।

ইয়াৰোপৰি তিৱাসকলৰ সমাজ, কৃষ্টি, সংস্কৃতি, পৰম্পৰা, সভ্যতা, সংস্কৃতি, লোক নৃত্য, গীত, খাদ্য, সাজ-পোছাক আদিও চলচিত্ৰৰ যোগেদি বিশ্বৱাসীৰ সন্মুখত তুলি ধৰাৰ প্ৰয়াস কৰিছে।

নিজ জনগোষ্ঠীৰ হৈ কাম কৰাৰ হেঁপাহ পুহি ৰখা যুৱক চুমিৰ দেউৰি দামলঙৰ পৰিচালনাৰে প্ৰথম তিৱা কথাছবি ‘CHOLOMA’ দ্যা ৱাইল্ড লালুঙৰ প্ৰযোজনাত কম বাজেটৰ মননশীল কাহিনী, অভিনয়, শব্দ আৰু আৱহ সংগীতৰে এক ভাল ছবি বুলি চৰ্চা লাভ কৰিছে আৰু দৰ্শকে ছবিখন উপভোগ কৰিব বুলি আশা প্ৰকাশ কৰিছে প্ৰযোজক গোষ্ঠীয়ে।

নোমল আমচি, ভাস্বতী পাতৰ, দ্বিজেন আমচি, জ্যোতিষ্মান ডেকা ৰজা, সোণমণি মিথি, খুমলি আমচি, সিদ্বাৰ্থ পাতৰ, পম্পী দেউৰী, ফুলবৰ মিথি, প্ৰাৰ্থনা দেউৰী, উলিছ আমচি আদিয়ে ছবিখনত যতি নপৰাকৈ সুন্দৰ অভিনয় কৰিছে।

জাতি মাটি ভেটিৰ কথা কোৱা চৰকাৰখনে জনগোষ্ঠীও ভাষাত নিৰ্মান কৰা বোলছবি খনৰ প্ৰযোজক সকলক উদগনি দিবলৈকে অসমৰ প্ৰতিটো ছবি গৃহত তিৱা ভাষাৰ প্ৰথম বোলছবিখন মুকলি কৰাৰ সুবিধা প্ৰদান কৰিবলৈ আহ্বান জনাইছে তিৱা জনগোষ্ঠীৰ সচেতন লোকেসকলে৷