113
বঢ়মপুৰঃ শহুৰৰ পৰিয়ালৰ লোকৰ আক্ৰমণত লেবেজান হ’ল জোৱাই৷ শহুৰৰ ঘৰত মাছে-মঙহে এসাজ খাবলৈ পোৱাটো দূৰৰে কথা, শহুৰৰ ঘৰৰ মানুহে মিলি ঔ কিলহে দিলে জোৱায়েকক৷ এই অপ্ৰত্যাশিত ঘটনা সংঘটিত হৈছে নগাঁও জিলাৰ পুৰণিগুদামৰ চলচলিত।
চলচলিৰ ৰামটিলা আটীৰ শহুৰেকৰ ঘৰত আক্ৰমণৰ বলি হোৱা এই জোৱাইজন হৈছে হাফিজুৰ। শহুৰৰ পৰিয়ালৰ লোকৰ প্ৰহাৰত পথৰ ওপৰতে সংজ্ঞাহীন হৈ পৰি ৰয় হাফিজুৰ।