newsnextone.com | গুৱাহাটীঃ দেশৰ প্ৰতিষ্ঠিত ব্যৱসায়, অভিনেতা-অভিনেত্ৰী আৰু ৰাজনৈতিক নেতাই ফোন যোগে মৃত্যুৰ ভাবুকি লাভ কৰাৰ বিষয়ে প্ৰায়ে শুনা যায়৷ মৃত্যুৰ ভাবুকিয়ে এজন সামাজিক লোকৰ জীৱনলৈ ভয় কঢ়িয়াই আনে৷ ভাবুকি লাভ কৰাৰ পিছত সামাজিক অনুষ্ঠানসমূহত তেওঁ পূৰ্বৰ দৰে অংশ ল’ব নোৱাৰা হয়, যাৰ ফলত তেওঁৰ ব্যক্তিগত জীৱনতো ইয়াৰ প্ৰভাৱ পৰে৷
পূৰ্বে ৰাজ্যৰ কেইবাগৰাকীও নেতা-মন্ত্ৰী, বিধায়কে ফোন যোগে মৃত্যুৰ ভাবুকি লাভ কৰিছে৷ প্ৰাক্তম মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্ত, জনপ্ৰিয় শিল্পী জুবিন গাৰ্গ, প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়েও পূৰ্বে মৃত্যুৰ ভাবুকি লাভ কৰা বুলি দাবী কৰি আহিছে৷ শেহতীয়াকৈ ৰাজ্যৰ এগৰাকী বিজেপি বিধায়কে পত্ৰযোগে মৃত্যুৰ ভাবুকি লাভ কৰাৰ বাতৰিয়ে চাঞ্চল্যৰ সৃষ্টি কৰিছে৷