newsnextone.com | সোণাৰিঃ চৰাইদেউ জিলাৰ সোণাৰিত ৮ মে’ৰ নিশা অস্ত্ৰ দেখুৱাই এগৰাকী যুৱতীক ধৰ্ষণ কৰাৰ ঘটনাই উজনি অসমত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ চৰাইদেউ জিলাৰ সাপেখাটী আৰক্ষী থানাৰ অন্তৰ্গত কলাকতা মাঝি গাঁৱত সংঘটিত হৈছে এই কাণ্ড। ৮ মে’ৰ নিশা মাঝি গাঁৱত অস্ত্ৰধাৰী ৩জনীয়া সন্দেহযুক্ত উগ্ৰপন্থীৰ দলে এটি দৰিদ্ৰ পৰিয়ালত প্রৱেশ কৰে৷ দলটোৱে প্ৰথমে পৰিয়ালটোৰ মুৰব্বীৰ সৈতে কথা বতৰা পাতে৷ তাৰ পিছতে নিজকে আলফা স্বাধীনৰ সদস্য বুলি চিনাকি দিয়ে।
কিছু সময় পিছতে উগ্ৰপন্থীৰ দলটোৰ এজন সদস্যৰ চকু পৰে পৰিয়ালৰটোৰ নাবালিকা কন্যাৰ ওপৰত৷ প্ৰথমে পৰিয়ালটোৰ জ্যেষ্ঠ সদস্যক এটা কোঠাত বন্দী কৰে৷ তাৰ পিছতে কোঠাত শুই থকা কন্যাৰ ওচৰলৈ বিভিন্ন অংগী-ভংগী কৰি ব্যতিব্যস্ত কৰে৷ তাৰ পিছতে দলটোৰ মাজৰ এজনে নাবালিকাগৰাকীক পৰিয়ালৰ লোকৰ সন্মুখতে যৌন নিৰ্যাতন চলাই৷