newsnextone.com | ডিফুঃ মই কান্দিছোঁ। চপৰা চপৰে খহি পৰে মোৰ দেহৰ মঙহ খিনি। জহি খহি যাব খোজে মোৰ মৰমৰ ঘৰ খনি। হেৰাই যাব খোজে পঠাৰ খন। এয়া হৈছে এটা গানৰ কথা। যিটো গানেৰে অসমীয়াৰ আবেগ মাজুলীৰ বাস্তৱ ছবিখন দাঙি ধৰিব খোজা হৈছে। কাৰ্বি পাহাৰৰ কন্যাৰ গানটোৱে বিশেষ ভাৱে চৰ্চালৈ আহিছে।
মাজুলীত বসবাস কৰা লোকসকলৰ কলা-কৃষ্টি, সংস্কৃতি, পৰম্পৰা, সভ্যতা, লোক নৃত্য, গীত, খাদ্য, সাজ-পোছাক তথা ঐতিহ্য আদি সংকটাপন্ন হোৱা বুলি চৰ্চা হৈ আহিছে। ইমানে নহয় প্ৰতিবছৰে বানপানী, খহনীয়াৰ কবলত পৰি হাহাকাৰ কৰিব লগা হয় মাজুলীবাসীয়ে। মাজুলীৰ সংকটাপন্ন মানুহৰ ঘৰ-দুৱাৰ, কৃষিভূমি, জীৱন-সম্পত্তি, কৃষ্টি, সংস্কৃতি, পৰম্পৰা, সভ্যতা, সংস্কৃতি, লোক নৃত্য, গীত, খাদ্য, সাজ-পোছাক, প্ৰত্যাহ্বান, সংকট আদি গীতৰ মাধ্যমেৰে সমাজত দাঙি ধৰাৰ প্ৰয়াস কৰিছে এগৰাকী যুৱতীয়ে।