newsnextone.com | কোকৰাঝাৰঃ যোৱা কেইবাটাও বছৰ ধৰি সংগীতৰ সাধনাত ব্যস্ত এজন যুৱক৷ সংগীত সাধনাত ব্যস্ত যুৱকজনে সংগীতৰ বাহিৰে যেন আন একোকে বুজি নাপায়৷ যুৱকগৰাকীয়ে সংগীতৰ জগতত নিজকে চিনাকী দিবলৈ সক্ষমও হৈছে৷ সৰুৰেপৰা ঘৰত সংগীতৰ পৰিৱেশৰ মাজত ডাঙৰ দীঘল হোৱা যুৱকগৰাকীয়ে বিভিন্ন সাংস্কৃতিক অনুষ্ঠানত গীত পৰিৱেশন কৰি জনপ্ৰিয়তা লাভ কৰিছে৷ অসমৰ অন্যতম প্ৰতিভাৱান কণ্ঠশিল্পী সুৰজিৎ মহন্তৰ কথাকে কৈছোঁ৷
তাৰ মাজতে সংগীতৰ সাধনাত ব্ৰতি হৈ থকা যুৱকগৰাকীৰ এটি ভিডিঅ’ গান মুকলি কৰি সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে৷ উদিয়মান কণ্ঠশিল্পী সুৰজিৎ মহন্তই উপহাৰ দিছে ‘হঠাতে এদিন’ নামেৰ এটি সুন্দৰ গীত৷ প্ৰেম ভালপোৱাৰ কথাৰ শীৰ্ষক গীতটো ইতিমধ্যে সমাদৰ লাভ কৰিছে৷ কণ্ঠশিল্পী সুৰজিৎ মহন্তই ‘হঠাতে এদিন’ কণ্ঠদান কৰা গীতটোৰ পৰিচালক ৰিপুঞ্জয় কায়স্থ আৰু সৌৰভ ভট্টাচাৰ্যই প্ৰতিবন্ধকতা যে সফলতাৰ অন্তৰায় নহয় সেই বাৰ্তা প্ৰেৰণ কৰাত সফল হৈছে।