গুৱাহাটীঃ কংগ্ৰেছৰ প্ৰাক্তন সভানেত্ৰী ছোনীয় গান্ধীৰ শনিবাৰে জন্মদিন৷ মহানগৰীৰ ৰাজীৱ ভৱনত পুৱাই প্ৰকাণ্ড কেক কাটি পালন কৰিলে কংগ্ৰেছ নেত্ৰীৰ জন্মদিন৷ বিধায়ক ৰেকিবুদ্দিন আহমেদ, প্ৰাক্তন মন্ত্ৰী শৰৎ বৰকটকী, বিৰোধী দলৰ নেতা দেৱব্ৰত শইকীয়াৰ দ্বিজেন শৰ্মাৰ আদিৰ উপস্থিতিত কেক কাটিলে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাই৷
দেশৰ বিভিন্ন প্ৰান্তত দেশৰ প্ৰভাৱশালী নেত্ৰীৰ ৭২ সংখ্যক জন্মদিন পালন কৰে কংগ্ৰেছ দলে৷ ইটালীৰ লুচিয়ানাত ১৯৪৬ চনৰ ৯ ডিচেম্বৰত জন্ম গ্ৰহণ কৰা ছোনীয়া গান্ধী প্ৰয়াত প্ৰাক্তন প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীৰ সৈতে বিবাহ পাশত আৱদ্ধ হৈ বোৱাৰী হৈ আহিছিল গান্ধী পৰিয়াললৈ৷ নেহেৰু পৰিয়ালৰ বৰ্তমান অন্যতম সদস্য৷ প্ৰায় ১৬ বছৰ কংগ্ৰেছৰ সভাপতি হিচাপে দায়িত্ব পালন কৰে তেওঁ৷