Home ক্ৰীড়াকাৰাটেত শোণিতপুৰ জিলাই লাভ কৰিলে শ্ৰেষ্ঠ জিলাৰ খিতাপ

কাৰাটেত শোণিতপুৰ জিলাই লাভ কৰিলে শ্ৰেষ্ঠ জিলাৰ খিতাপ

by News Desk
A+A-
Reset
42423987_540414229732679_1734102065191321600_o

newsnextone.com।ঢেকীয়াজুলি: জিলা  কাৰাটে এচ’ছিয়েছনে দৰংজিলাৰ চিপাঝাৰ ঘোৰাবন্ধাত অলপতে জিলাভিত্তিত অনুষ্ঠিত কৰা কেইবাটাও শাখাৰ প্ৰতিযোগিতাত শোণিতপুৰ জিলাই শ্ৰেষ্ঠ জিলা হিচাপে খিতাপ অৰ্জন কৰিবলৈ সক্ষম হৈছে ৷ ৩৩টা সোণ, ৩০টা ৰূপ আৰু ৪৭টা ব্ৰঞ্জৰ পদক লাভ কৰি শোণিতপুৰ জিলাৰ  খেলুৱৈ সকলে সুনাম অৰ্জন কৰিবলৈ সক্ষম হৈছে ৷
আনহাতে এই প্ৰতিযোগিতাত জিলাখনৰ ঠেলামৰা কাৰাটে একাডেমিৰ ১১গৰাকীকৈ খেলুৱৈয়ে ৰূপ আৰু ব্ৰঞ্জৰ পদক লাভ কৰি অঞ্চলটোলৈ সুনাম কঢ়িয়াই আনিছে ৷ পদক লাভকৰা সেইসকল প্ৰতিযোগি হ’ল ক্ৰমে পংকজ নাথ, কৰিষ্মিতা দেৱী , অনামিকা দেৱী , প্ৰাপ্তি বৰা, হাবিবা চৌধুৰী, মহৰ্শা বসুমতাৰী, লক্ষ্যজ্যোতি ডেকা, ঋষিতা শৰ্মা, নিতু কোছ, প্ৰাণজিৎ তাঁতি , সুৰজ দে ৷
উল্লেখ্য যে এইসকল প্ৰতিযোগিয়ে বিগত নমাহ ধৰি ঠেলামৰাত নতুনকৈ প্ৰতিষ্ঠা কৰা কাৰাটে একাডেমিত  অসমৰ বিশিষ্ট কাৰাটে খেলুৱৈ তীৰ্থনাথ শৰ্মাৰ তত্ত্বাৱধানত
 ৰাজীৱ হাজৰিকা, মনোজ নাথ আৰু ধন্তি দাসৰ দ্বাৰা (কানিনজোকো ষ্টাইল) প্ৰশিক্ষণ লাভ কৰি আহিছে ৷ এইবেলি জিলা পৰ্যায়ত খেলা এইসকল বিজয়ী প্ৰতিযোগিয়ে  আগন্তুক সময়ত ৰাজ্যিক পৰ্যায়ত খেলাৰ সুবিধা  লাভ কৰাৰ কথাও কাৰাটে একাডেমীৰ তৰফৰ পৰা জানিবলৈ দিছে ৷
আন হাতে বৃহত্তৰ ঠেলামৰা অঞ্চলৰ উঠি অহা প্ৰজন্মক  কাৰাটে তথা সমৰকলাৰ  প্ৰতি আকৃষ্ট কৰি তেওঁলোকক এখন মঞ্চৰ দি প্ৰশিক্ষণৰ ব্যৱস্থা কৰাৰ ক্ষেত্ৰত প্ৰাক্তন আছু নেতা ভাস্কৰ নাথে এগৰাকী সংগঠক হিচাপে কৰা প্ৰচেষ্টাক ৰাইজে  আদৰণি জনাইছে ৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0