প্ৰতিকী ফটো

ডিজিটেল ডেস্কঃ কোৱা হয় মানুহ জীৱশ্ৰেষ্ঠ, কিন্তু সচাকৈ আজিৰ সময়ত সত্য নে এই কথা৷ কিমান তললৈ যাব পাৰে মানুহ৷ শেহতীয়াকৈ ছ’চিয়েল মিডিয়াত প্ৰকাশ হোৱা মানুহৰ নৃশংসতাই চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ প্ৰকৃততে এই ঘটনা কৰ্ণাটকৰ৷ 

কেৱল সম্পত্তিৰ বাবেই ৭৫ বছৰীয়া পিতৃক ৰাজপথত বগৰাই প্ৰহাৰ কৰিলে দুই সন্তানে৷ দুৰ্ভগীয়া লোকজনৰ দুই পুত্ৰই পিতৃক দাবী কৰিছিল সম্পত্তিৰ ভাগ বাটোৱাৰা কৰিবলৈ৷ 

পিতৃয়ে এই দাবী নমনা বাবেই পথত বগৰাই প্ৰহাৰ কৰিলে পিতৃক৷ ভিডিঅ’টোত দেখা গৈছিল যে এজন পুত্ৰই পিতৃৰ ওপৰত বহি লৈছিল আৰু আনগৰাকী পুত্ৰই মানুহজনৰ দুই ভৰি বান্ধি আছিল৷ 

আনকি এই দৃশ্য দেখি থকা কোনো লোক আগবাঢ়ি অহা নাছিল মানুহজনক উদ্ধাৰ কৰিবলৈ৷ ৰাজহুৱা স্থানত এনে অমানুষিক ঘটনা সংঘটিত হৈ থকাৰ পিছতো প্ৰত্যক্ষদৰ্শীৰ ব্যৱহাৰে মানৱতাৰ ওপৰতে প্ৰশ্ন উত্থাপন কৰিছে৷