81
♦ ডি জে ধনন্তৰি
গৰম বাঢ়িলে কৰ’না কমিব। কথাষাৰ বহুতেই কৈছিল। পিছে গৰম যিমানেই বাঢ়িলে কৰ’নাও সিমানেই বাঢ়িল। ১২ ঘণ্টীয়া ‘জনতা কাৰ্ফিউ’ক লৈয়ো তেনে আলোচনাই চলিছিল। ছ’চিয়েল মিডিয়াত হাজাৰ হাজাৰ লোকে দাবী কৰিছিল যে ‘১২ ঘণ্টীয়া জনতা কাৰ্ফিউ’ পালন কৰিলে কৰ’না ভাইৰাছৰ সংক্ৰমণৰ শৃংখল ধ্বংস হৈ পৰিব। পিছে তেনে দাবীক নস্যাৎ কৰি ২২ মাৰ্চৰ জনতা কাৰ্ফিউৰ পিছত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ঘোষণা কৰে ২১ দিনীয়া ৰাষ্ট্ৰযোৰা লকডাউন।