নতুন দিল্লীঃ দেশত আজিৰে পৰা আৰম্ভ হৈছে লকডাউনৰ তৃতীয় পৰ্যায়। প্ৰথম আৰু দ্বিতীয় পৰ্যায়ৰ মুঠ ৪০ দিনীয়া লকডাউনৰ সমাপ্তিৰ পিছত কৰ’না আক্ৰান্তৰ সংখ্যাই পাৰ কৰিছে ৪০ হাজাৰৰ সীমা। কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ৰ পৰিসংখ্যা অনুযায়ী আজি পুৱাৰ ভাগলৈকে মুঠ আক্ৰান্তৰ সংখ্যা হৈছে ৪২ হাজাৰ ৫৩৩ জন। যোৱা ২৪ ঘণ্টাত আক্ৰান্তৰ সংখ্যা হৈছে ২,৫৫৩ জন। এয়া হৈছে বিগত কেইদিনত ২৪ ঘণ্টাৰ ভিতৰত হোৱা সৰ্বাধিক সংক্ৰমণ।
আনহাতে মৃ্ত্যুৰ সংখ্যাও ক্ৰমাৎ বাঢ়িয়েই আছে। বৰ্তমান দেশত কৰ’নাত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা হৈছে ১৩৭২ জন। যোৱা ২৪ ঘণ্টাতেই মৃত্যু ঘটিছে ৭২ জনকৈ লোকৰ। একেদৰে এই সময়ছোৱাত সুস্থ হৈ ঘৰলৈ উভতিছে ১১,৭০৬ জন।