গুৱাহাটীঃ সোমবাৰে ৰাজ্যৰ ৰাজধানীৰ পৰা প্ৰায় ১৫ কিঃ মিঃ নিলগৰ আমিনগাঁৱৰ সমীপত ব্ৰহ্মপুত্ৰৰ দলঙত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে গৃহৰক্ষী জোৱানে৷ শৰাইঘাটৰ নতুন দলঙত গৃহৰক্ষী জোৱানসকলে পুৱাৰে পৰা প্ৰতিবাদ সাব্যস্ত কৰে। যাৰ ফলত অসম আৰক্ষী ব্যাপক সমস্যাত পৰে৷ 

বছৰ বছৰ ধৰি পূৰ্বৰ আৰু বৰ্তমানৰ চৰকাৰৰ ওচৰত চাকৰি নিয়মীয়াকৰণ কৰাৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰাৰো পিছতো গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ উত্থাপন কৰি প্ৰতিবাদত নামে গৃহৰক্ষী জোৱানসকলে৷ পুৱাই শৰাইঘাট দলঙত গৃহৰক্ষী জোৱানসকলে সমবেত হৈ দলঙৰ এটি মূৰত বহি চৰকাৰ বিৰোধী শ্ল’গান দিবলৈ আৰম্ভ কৰে৷ 

ততাতৈয়াকৈ জোৱানসকলক আতৰ কৰাৰ বাবে চেষ্টা কৰে যদিও নাচোৰ বান্দা জোৱানসকলৰ তাৰ পৰা আতৰ কৰি নিবলৈ সক্ষম নহল আৰক্ষীয়ে৷ শেষত অসম আৰক্ষীৰ মহাপৰিদৰ্শক দিগন্ত বৰা উপস্থিত হৈ দাবী সন্দৰ্ভত পুনৰ আলোচনাৰ আশ্বাস দিয়াত হে সাময়িক ভাবে প্ৰতিবাদ স্থগিত ৰাখে৷ প্ৰতিবাদ চলি থকাৰ মাজতে এটা সময়ত আৰক্ষীয়ে বিপদত পৰিব লগা হয়৷ 

কিয়নো কেইজনমান জোৱানে দলঙত গাঁথি থোৱা লোহাৰ জালত বগাই নদীৰ পিনে যাহ বিচৰাত আৰক্ষীয়ে ততাতৈয়াকৈ তেওঁলোকক তাৰ পৰা নমাই আনিব লগা হয়৷ অন্যথাই নৈত জাপ দিয়াৰ সন্দেহ কৰা হৈছিল৷ আনহাতে শীঘ্ৰে চাকৰি নিয়মীয়া নকৰিলে ২৭২জন জোৱানে সমূহীয়াকৈ ব্ৰহ্মপুত্ৰত জাঁপ দিয়াৰ সিদ্ধান্ত লোৱাৰ কথা প্ৰকাশ কৰে৷

উপস্থিত আৰক্ষী বিষয়াৰ জৰীয়তে মুখ্যমন্ত্ৰীলৈ স্মাৰকপত্ৰ প্ৰদান কৰাৰ লগতে ৫ মে’ৰ ভিতৰত চকাৰি নিয়মীয়াকৰণ নহলে বহু ডাঙৰ সিদ্ধান্ত লোৱাৰ কথা ঘোষণা কৰে জোৱানসকলে৷ সকলো জোৱানকে এআইএছএফত নিযুক্তি দিয়াৰ পোষকতা কৰে৷ 

উল্লেখ্য যে, অসম চৰকাৰৰ সকলো বিভাগৰ কৰ্মচাৰীয়ে দৰমহা লাভ কৰি আহিছে যদিও কম টকাত গৃহৰক্ষী জোৱানসকলে দায়িত্ব পালন কৰিব লগা হৈছে বুলি অভিযোগ উত্থাপন কৰি প্ৰতিবাদ সাব্যস্ত কৰি আহিছে যদিও দৰমহা বৃদ্ধি আৰু চাকৰি নিয়মীয়াকৰণ কৰাৰ বাবে চৰকাৰে গুৰুত্ব আৰোপ নকৰাৰ অভিযোগ উত্থাপন কৰে জোৱানসকলে৷

ৰাজ্যখনত কৰ্মৰত ২৬,৬৬২ গৰাকী প্ৰশিক্ষণপ্ৰাপ্ত গৃহৰক্ষী জোৱানে দিনে নিশাই কৰ্তব্য পালন কৰি আহিছে যদিও ৰাজ্য চৰকাৰে গৃহৰক্ষী সকলক মাহেকত মাথো ৭,৫০০ টকাহে আদায় দিয়ে৷ অসম প্ৰশিক্ষণপ্ৰাপ্ত গৃহৰক্ষী সন্থাই অত্যাৱশ্যকীয় সা-সামগ্ৰীৰ আকাশলংঘী মূল্যবৃদ্ধিৰ সময়তো গৃহৰক্ষীসকলৰ দৰমহা বৃদ্ধি নকৰাত গৃহৰক্ষী জোৱানসকলৰ পৰিয়াল পোহপাল দিয়াত কঠিন হৈ পৰা বুলি কয়৷