ডিজিটেল ডেস্কঃদেশ তথা সমাজৰ বিচাৰবোৰক লৈ চিন্তা কৰা ক্ৰিকেট জগতৰ সুদক্ষ খেলুৱৈ গৌতম গম্ভীৰ আকৌ এবাৰ চৰ্চিত বিষয়ৰ মাজত সোমাই পৰে৷ কঁপালত ৰঙা ফুঁটৰ লগতে কান্ধত শাৰীৰ আঁচল ধৰি থকা ছবি সংবাদ মাধ্যমত ইতিমধ্যে প্ৰচাৰ হয়৷ দৰাচলতে দেশৰ অন্যতম সমস্যা তথা প্ৰভাৱ পেলোৱা লিংগভেদ আৰু লিংগ পৰিৱৰ্তনৰ দৰে বিষয়ক সমাজত ভেদ-ভাৱ কৰা দেখা যায়৷
কিন্নৰ সকলৰ বাবে ‘হিজড়া হব্বা’ নামৰ এক সংস্কৰণ চেমাৰী ছ’চাইটি য়ে বহু আগৰে পৰা চলায় আহিছে৷ যাৰ সপ্তম সংস্কৰণ উদঘাটনৰ বাবে গৌতম গম্বীৰক নিমন্ত্ৰণ কৰা হৈছিল৷ আনহাতে ছ’চাইটিয়ে আয়োজন কৰা অনুষ্ঠানত গৈ কিন্নৰ সকলৰ দৰে বস্ত্ৰ পৰিধান কৰি তেওঁলোকক উৎসাহিত কৰে খেলুৱৈজনে৷