Image for Representation
Image for Representation

নগাঁওঃ অসম ক্ৰীড়া সাংবাদিক সন্থাই ক্ৰীড়া সংবাদক বিষয়বস্তু হিচাপে লৈ যুৱ প্ৰজন্মৰ মাজত দক্ষতা বিকাশৰ উদ্দেশ্যে ক্ৰীড়া সাংবাদিকতাৰ লগতে ফটো ক্ৰীড়া সাংবাদিকতা আৰু টি ভি ক্ৰীড়া সাংবাদিকতা বিষয়ক এখনি কৰ্মশালাৰ আয়োজন কৰিছে।

ৰাজ্যখনৰ মুঠ ৩২ টাকৈ স্থানত পৰ্যায়ক্ৰমে অনুষ্ঠিত হ’বলগীয়া এই কৰ্মশালাৰ অংশ হিচাপে নগাঁৱত অহা ৪ আগষ্টত দিনৰ ১০ বজাৰ পৰা নগাঁও জিলা ক্ৰীড়া সংস্থাৰ ৰামনাথ শৰ্মা প্ৰেক্ষাগৃহত আয়োজন কৰা হৈছে।

নগাঁও জিলা ক্ৰীড়া সংস্থা আৰু নগাঁও প্ৰেছ ক্লাৱৰ সহযোগত অনুষ্ঠিত হ’বলগীয়া উক্ত কৰ্মশালাখন সেইদিনা আনুষ্ঠানিকভাৱে উদ্বোধন কৰিব নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাই। উল্লেখ্য, এই কৰ্মশালাত ২৫ বছৰ অনুৰ্ধ্বৰ সাংবাদিক, গণসংযোগ মাধ্যমৰ ছাত্ৰ-ছাত্ৰী, স্নাতক আৰু স্নাতকোত্তৰ পৰ্যায়ৰ ছাত্ৰ-ছাত্ৰীৰ লগতে আগ্ৰহী যুৱক-যুৱতীয়ে অংশগ্ৰহণ কৰিব পাৰিব।

কৰ্মশালাত যোগদানৰ বাবে আগ্ৰহী ছাত্ৰ-ছাত্ৰী তথা ইচ্ছুক ব্যক্তিসকলক অহা ২ আগষ্টৰ ভিতৰত নগাঁৱৰ সমন্বয়কদ্বয় ক্ৰমে যাদৱ শইকীয়া অথবা অসীম কুমাৰ ভাৱালৰ সৈতে যোগাযোগ কৰিবলৈ অনুৰোধ জনোৱা হৈছে।