78
নগাঁওঃ অসম ক্ৰীড়া সাংবাদিক সন্থাই ক্ৰীড়া সংবাদক বিষয়বস্তু হিচাপে লৈ যুৱ প্ৰজন্মৰ মাজত দক্ষতা বিকাশৰ উদ্দেশ্যে ক্ৰীড়া সাংবাদিকতাৰ লগতে ফটো ক্ৰীড়া সাংবাদিকতা আৰু টি ভি ক্ৰীড়া সাংবাদিকতা বিষয়ক এখনি কৰ্মশালাৰ আয়োজন কৰিছে।
ৰাজ্যখনৰ মুঠ ৩২ টাকৈ স্থানত পৰ্যায়ক্ৰমে অনুষ্ঠিত হ’বলগীয়া এই কৰ্মশালাৰ অংশ হিচাপে নগাঁৱত অহা ৪ আগষ্টত দিনৰ ১০ বজাৰ পৰা নগাঁও জিলা ক্ৰীড়া সংস্থাৰ ৰামনাথ শৰ্মা প্ৰেক্ষাগৃহত আয়োজন কৰা হৈছে।