শ্ৰীমন্ত শঙ্কৰদেৱৰ বিৰুদ্ধে আপত্তিজনক মন্তব্যৰ তীব্ৰ প্ৰতিক্ৰিয়া বটদ্ৰৱা থান পৰিচালনা...

Home ৰাজ্যশ্ৰীমন্ত শঙ্কৰদেৱৰ বিৰুদ্ধে আপত্তিজনক মন্তব্যৰ তীব্ৰ প্ৰতিক্ৰিয়া বটদ্ৰৱা থান পৰিচালনা সমিতিৰ

শ্ৰীমন্ত শঙ্কৰদেৱৰ বিৰুদ্ধে আপত্তিজনক মন্তব্যৰ তীব্ৰ প্ৰতিক্ৰিয়া বটদ্ৰৱা থান পৰিচালনা সমিতিৰ

by News Desk
114 views
A+A-
Reset

newsnextone.com।বটদ্ৰৱা: মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱ, কীৰ্তণ-নামঘোষা, নামঘৰ আদি সম্পৰ্কে তীব্ৰ আপত্তিজনক মন্তব্য কৰি অসম আৰু অসমীয়া স্বাভিমান আৰু আবেগত আঘাট সানি পুনৰ বিতৰ্কত সোমাই পৰিছে যোগগুৰু বাবা ৰামদেৱৰ পতঞ্জলী যোগপীঠ ৷ দৰং জিলাৰ দুনীৰ এক যোগ শিবিৰত অতি বিতৰ্কিত মন্তব্যৰে অসমীয়া জাতীয় জীৱনৰ পুৰোধা মহাপুৰুষজনাৰ লগতে প্ৰতিজন অসমীয়াই অতি শ্ৰদ্ধাৰে শিৰৰ ৰখা কীৰ্তণ-নামঘোষা সম্পৰ্কে কালি অপমানসূচক মন্তব্য কৰিছিল বাবা ৰামদেৱৰ শিষ্য জনৈক সীতানাথে ৷
লগে লগে অসমীয়া প্ৰতিদিনৰ ডিজিটেল সংস্কৰনত এই বাতৰি প্ৰকাশ হোৱাৰ পিছত আজিৰ বাতৰি কাকতত এই বাতৰি প্ৰকাশ হোৱাৰ পিছতে ৰাজ্যখনৰ সৰ্বত্ৰে পতঞ্জলি আৰু যোগগুৰুজনৰ বিৰুদ্ধে উদ্গীৰণ হৈছে তীব্ৰ ক্ষোভ আৰু বিষেদগাৰ ৷
অসমত ব্যৱসায় কৰিবলৈ আহি অসমীয়া জাতিৰ প্ৰাণ প্ৰতিষ্ঠাতাজনকে চুড়ান্তভাৱে অপমান কৰা কাৰ্যক একেমুখে ধিক্কাৰ দিছে বহুজনে ৷ চ’ছিয়েল মিডিআ ভৰি পৰিছে পতঞ্জলি আৰু এনে জ্ঞানশূণ্যহীন অনা অসমীয়াৰ মন্তব্যক লৈ ৷ বহুজনে শিঘ্ৰে এই বহুবল্কি তথাকথিত যোগগুৰুজনক গ্ৰেপ্তাৰ কৰি উচিত শাস্তি দিবলৈ চৰকাৰ প্ৰশাসনক দাবী জনোৱাৰ বিপৰীতে আকৌ একাংশই পতঞ্জলিৰ সকলো সামগ্ৰী অনতিপলমে বৰ্জন কৰি উচিত শিক্ষা দিবলৈ আহ্বান জনাইছে ৷
মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱৰ জন্মস্থান বটদ্ৰৱাটো এই মন্তব্যই তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি কৰিছে ৷ যোগ সাধনাক পতঞ্জলীৰ বিজ্ঞাপনৰ মাধ্যম হিচাপেহে ব্যৱহাৰ কৰা এনে তথাকথিত যোগগুৰুৰ জ্ঞানহীন মন্তব্যৰ ঘোৰ বিৰোধিতা কৰি আজি বটদ্ৰৱা থানত অনুস্থিত হয় এখন সংবাদমেল ৷ শ্ৰীশ্ৰী বটদ্ৰৱা থান পৰিচালনা সমিতিৰ সাধাৰণ সম্পাদক ব্ৰজেন কাকতি, সহকাৰী সম্পাদকদ্বয় ইন্দ্ৰ মোহন বৰুৱা, যোগেন শইকীয়াসহ কেইবাগৰাকীও কাৰ্যকৰী সদস্য উপস্থিত থকা সংবাদমেলখনত পৰিচালনা সমিতিয়ে গুৰুজনাৰ সন্দৰ্ভত কৰা মন্তব্যৰ তীব্ৰ গৰিহনা দিয়ে ৷ বটদ্ৰৱা থান পৰিচালনা সমিতিয়ে অসম তথা অসমীয়া কৃষ্টি-সংস্কৃতিৰ সম্পৰ্কে সম্যক জ্ঞান নথকা কিছু অনা অসমীয়াৰ এনে মন্তব্যক অতি গৰ্হিত আখ্যা দি অতি শিঘ্ৰে অসমবাসীৰ ওচৰত মন্তব্যকাৰীয়ে ৰাজহুৱা ক্ষমা বিচাৰিবলৈ সকিয়াই দিয়ে ৷
ইয়াৰোপৰি অসম তথা জাতিৰ অভিভাৱক হিচাপে মুখ্যমন্ত্ৰীগৰাকীয়ে এনে স্পৰ্শকাতৰ বিষয় গুৰুত্বসহকাৰে গ্ৰহন কৰি দোষীৰ বিৰুদ্ধে অতিশিঘ্ৰে বিহিত ব্যৱস্থা লৈ জাতিৰ প্ৰতি নিজৰ দায়বদ্ধতা প্ৰকাশ কৰিবলৈও আহ্বান জনাই শ্ৰীশ্ৰী বটদ্ৰৱা থান পৰিচালনা সমিতিয়ে ৷ আনহাতে স্বদেশী ব্ৰেণ্ডৰ নামত অসমত ব্যৱসায় বৃদ্ধি কৰি থকা পতঞ্জলিয়ে অসমত নিয়োগ কৰা লোকসকলক অসমৰ ধৰ্মীয় আবেগ, কলা-সংস্কৃতি সম্পৰ্কে সম্যক জ্ঞান আদি দিহে নিয়োগ কৰিব লাগে বুলি মন্তব্য কৰি অতি শিঘ্ৰে তীব্ৰ বিতৰ্কিত আৰু আপত্তিজনক মন্তব্য সন্দৰ্ভত পতঞ্জলীয়ে স্পষ্টীকৰণ দি ৰাজহুৱা ক্ষমা বিচাৰিবলৈ দাবী জনায় ৷
বালিপাৰাত হাজাৰ হাজাৰ বিঘা মাটি বাবা ৰামদেৱৰ পতঞ্জলিক দি ধন্য হোৱা পৰিবৰ্তনশীল চৰকাৰখনৰ বৰমুৰীয়াসকলে গুৰুজনাৰ সন্দৰ্ভত অপমানসূচক মন্তব্যৰে সামাজিক পৰিবেশ বিনষ্ট কৰিবলৈ দুসাহস কৰা সীতানাথৰ দৰে ব্যক্তিৰ বিৰুদ্ধে কি ব্যৱস্থা গ্ৰহন কৰে সেই বিষয়ত নিশ্চতভাৱে লক্ষ্য ৰাখিব অসমৰ প্ৰতিজন লোকে ।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0