ডিজিটেল ডেস্কঃ এক সাম্ভাব্য বিপদৰপৰা কথমপি ৰক্ষা পৰিল বলিউডৰ বাদশ্বাহ শ্বাহৰুখ খান। ছবিৰ শ্বুটিঙৰ সময়ত সংঘটিত এক দুৰ্ঘটনাৰ পৰা কোনোমতে ৰক্ষা পৰে বিশ্ববিখ্যাত অভিনেতাগৰাকী৷

মুম্বাই ফিল্ম চিটিত আনন্দ এল ৰাইৰ পৰৱৰ্তী চলচিত্ৰৰ শ্বুটিঙ চলি থাকোতেই ওপৰৰ পৰা ভাঙি পৰে চিলিং৷ প্ৰত্যক্ষদৰ্শীৰ ভাষ্য অনুসৰি ছিলিংখন পৰাৰ বিপৰীত দিশত বহিছিল শ্বাহৰুখ খান৷

উক্ত ঘটনাত ২ জন কৰ্মী আহত হৈছে৷ অভিনেতাজনক উক্ত দুই কৰ্মীৰ সৈতে প্ৰাথমিক চিকিৎসাৰ বাবে আন্ধেৰীৰ এখন চিকিৎসালয়লৈ নিয়া হয়৷ এই ঘটনাৰ পিছতেই দুদিনৰ বাবে শ্বুটিং স্থগিত কৰা হৈছে৷