দলংঘাটঃ চপাই যুৱ কল্যাণ কেন্দ্ৰৰ উদ্যোগত আজিৰে পৰা চপাই নেহেৰু ময়দামত আৰম্ভ হৈছে ১৬ সংখ্যক অনন্ত চৌধৰী চলন্ত ট্ৰফী আৰু প্ৰাইজমানী ফুটবল প্ৰতিযোগিতাখনৰ৷ উদ্বোধনী খেলত আয়োজক চপাই যুৱ কল্যাণ কেন্দ্ৰই ডাঁহী আঞ্চলিক ক্ৰীড়া সন্থাক ট্ৰাইবেগাৰৰ সহায়ত ৪-৩ গলত পৰাভূত কৰি পৰবর্তী ৰাউণ্ডত প্ৰবেশ কৰিবলৈ সক্ষম হয়।

খেলখন উদ্বোধন কৰে মঙ্গলদৈ ক্ৰীড়া সন্থাৰ উপ-সভাপতি বিচিত্ৰ কুমাৰ মেধিয়ে। লগতে খেল খনৰ প্ৰাইজমানী আৰু ট্ৰফী দাঁতা প্ৰভাত চৌধৰী, ক্ৰীড়া সংগঠন প্ৰদীপ তালুকদাৰ আৰু শিক্ষাবিদ ডঃ বিজয় কুমাৰ শৰ্মা উপস্থিত থাকে৷