গুৱাহাটীঃ আলহীক আদৰাৰ বাবে নসাজ পিন্ধোৱাৰ প্ৰস্তুতি চলিছে গুৱাহাটীত। লক্ষাধিক পৰ্যটকৰ আগমন সম্ভাৱনা থকা নমামি ব্ৰহ্মপুত্ৰ মহোৎসৱত মহানগৰীৰ সকলো দোকান পোহাৰ, শ্বপিং মল, বাৰ আদি বিভিন্ন অত্যাধুনিক আলোকসজ্জাৰে জিলিকি থাকিব লাগিব বুলি নিৰ্দেশ দিছে কামৰূপ (মহানগৰ)ৰ জিলা প্ৰশাসনে।

ব্ৰহ্মপুত্ৰৰ দুয়োপাৰৰ সামাজিক-সাংস্কৃতিক শোভা বিশ্ববাসীৰ সন্মুখত দাঙি ধৰাৰ বাবে ৰাজ্য চৰকাৰৰ উদ্যোগত অহা ৩১ মাৰ্চৰ পৰা ৪ এপ্ৰিললৈ নমামি ব্ৰহ্মপুত্ৰ মহোৎসৱৰ আয়োজন কৰা হৈছে। দেশৰ বিভিন্ন ঠাইৰ পৰা নামী দামী ব্যক্তিকে ধৰি অতিথিসকলক আদৰাৰ বাবে জিলা প্ৰশাসনে বিভিন্ন ব্যৱস্থা হাতত লৈছে।

কামৰূপ (মহানগৰ) জিলাৰ উপায়ুক্ত ড° এম অংগমুথুৱে মহানগৰীৰ সকলো ব্যৱসায়িক প্ৰতিষ্ঠানকে ধৰি শ্বপিং মল, বাৰ, হোটেল, ৰেষ্টোৰা আদিক অহা ২৮ মাৰ্চৰ পৰা ৫ এপ্ৰিললৈ অত্যাধুনিক লাইটেৰে সজ্জিত কৰাৰ ব্যৱস্থা ল’বলৈ এক পত্ৰযোগে নিৰ্দেশ জাৰি কৰিছে। জিলা প্ৰশাসনৰ এই সিদ্ধান্তত সাধাৰণতে ব্যৱসায়িক মহলৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।