গুৱাহাটীঃ গুৱাহাটীৰ আজাৰাস্থিত ‘গিৰিজানন্দ চৌধুৰী ইনষ্টিটিউট অৱ মেনেজমেণ্ট এণ্ড টেকন’লজী (জি.আই.এম.টি.)ৰ কৰ্তৃপক্ষই অসমীয়া চিনেমা উদ্যোগৰ প্রসাৰৰ বাবে এক পদক্ষেপ গ্রহণ কৰিছে।
আজি জি.আই.এম.টি. কৰ্তৃপক্ষই গুৱাহাটীৰ পল্টন বজাৰস্থিত ‘গ’ল্ড চিনেমা’ গৃহত ড° ৰীতা চৌধুৰীৰ গল্প আধাৰত নিৰ্মিত আৰু মঞ্জুল বৰুৱাই পৰিচালনা কৰা ‘অন্তৰীণ’ নামৰ অসমীয়া কথাছবিখনিৰ এক বিশেষ দৰ্শনীৰ সমূহ টিকট ক্রয় কৰি শিক্ষানুষ্ঠানখনৰ শিক্ষক-শিক্ষয়ত্রী তথা কৰ্মচাৰীসকলক ছবিখন উপভোগৰ সুবিধা প্রদান কৰে।