গুৱাহাটীঃ গুৱাহাটীৰ আজাৰাস্থিত 'গিৰিজানন্দ চৌধুৰী ইনষ্টিটিউট অৱ মেনেজমেণ্ট এণ্ড টেকন’লজী (জি.আই.এম.টি.)ৰ কৰ্তৃপক্ষই অসমীয়া চিনেমা উদ্যোগৰ প্রসাৰৰ বাবে এক পদক্ষেপ গ্রহণ কৰিছে।

আজি জি.আই.এম.টি. কৰ্তৃপক্ষই গুৱাহাটীৰ পল্টন বজাৰস্থিত 'গ'ল্ড চিনেমা' গৃহত ড° ৰীতা চৌধুৰীৰ গল্প আধাৰত নিৰ্মিত আৰু মঞ্জুল বৰুৱাই পৰিচালনা কৰা 'অন্তৰীণ' নামৰ অসমীয়া কথাছবিখনিৰ এক বিশেষ দৰ্শনীৰ সমূহ টিকট ক্রয় কৰি শিক্ষানুষ্ঠানখনৰ শিক্ষক-শিক্ষয়ত্রী তথা কৰ্মচাৰীসকলক ছবিখন উপভোগৰ সুবিধা প্রদান কৰে।

বিগত বছৰতো ছাত্র-ছাত্রীসকলক অসমীয়া ছবি 'কথানদী' আৰু মহিলাৰ সুৰক্ষা সম্পৰ্কে সজাগতা আনিবৰ বাবে শিক্ষানুষ্ঠানৰ মহিলা কৰ্মচাৰীসকলক 'পিংক' নামৰ হিন্দী ছবিখনিৰ দৰ্শনৰ সুবিধা প্রদান কৰিছিল। জি.আই.এম.টি. গুৱাহাটীৰ ডীন (ষ্টুডেণ্ট এফেয়াৰ্ছ) ড° বুলজিৎ বুঢ়াগোহাঁয়ে এই সম্পৰ্কত যে সমাজলৈ ভাল বাৰ্তা কঢ়িয়াই অনা কথাছবি যদি ছবিগৃহলৈ আহে , তেন্তে কৰ্তৃপক্ষই শিক্ষাৰ্থী, শিক্ষক-শিক্ষয়ত্রী তথা কৰ্মচাৰীসকলক কথাছবিসমূহ দৰ্শনৰ সুবিধা প্রদান কৰিব।

এই কথাছবিসমূহ অৱশ্যে অন্য ভাষাৰো হ'ব পাৰে। ড° বুঢ়াগোহাঁয়ে মত ব্যক্ত কৰে যে অসমৰ অন্যান্য শিক্ষা প্রতিষ্ঠানসমূহেও এনে পদক্ষেপ গ্রহণ কৰিলে অসমীয়া চিনেমা উদ্যোগটোৰ প্রসাৰৰ ক্ষেত্রত অলপ হ'লেও অৰিহণা যোগাব বুলি আশা কৰিব পাৰি।