ডিজিটেল ডেস্কঃ পুত্ৰৰ কপালত লগা দাগ মচিব নোৱাৰিলেও কাৰোবাৰ বিৰুদ্ধে ক্ষোভিত অষ্ট্ৰলিয়াৰ ক্ৰিকেটাৰ ষ্টিভ স্মিথৰ পিতৃ পিটাৰ স্মিথ৷ বল বিকৃত কৰাৰ অপৰাধত নিজ দল অষ্ট্ৰেলিয়াৰ দলৰ পৰা ১২ মাহৰ বাবে নিষেধাজ্ঞাৰ সন্মুখিন হোৱা ষ্টিভ স্মিথ বিশ্বৰ নজৰত দোষী হোৱাৰ লগতে নিজ ঘৰখনেও যেন ক্ষমা কৰা নাই৷ 

নিজ ঘৰ খনেও তেওঁক যে ক্ষমা কৰা সেই কথা স্পষ্ট হৈ পৰে পিতৃৰ কাৰ্যত৷ পিতৃয়ে পুত্ৰ স্মিথৰ ক্ৰিকেট খেলৰ সামগ্ৰী ঘৰৰ পৰা উলিয়াই গেৰেজত পেলাই দিয়ে৷ একপ্ৰকাৰ ক্ৰিকেটৰ সামগ্ৰী পেলাই দিয়ে পিতৃয়ে৷ আনহাতে পিতৃয়ে আশা কৰে পুত্ৰই দুখৰ দিন পাহৰি যাব পাৰিব৷ 

বল টেম্পাৰিং কৰাৰ অপৰাধত ক্ৰিকেট অষ্ট্ৰেলিয়াই ১২ মাহৰ বাবে দলৰ পৰা বহিস্কাৰ কৰে অষ্ট্ৰেলিয়াৰ ক্ৰিকেটাৰ ডেভিড ৱাৰ্নাৰ, ষ্টেভ স্মিথক৷ দলে দিয়া শাস্তি আৰু বিশ্ববাসীৰ ভৎৰ্সনা সহ্য কৰিব লগা হোৱাৰ সময়তে পুত্ৰ স্মিথৰ ক্ৰিকেট খেলৰ সামগ্ৰী ঘৰৰ পৰা উলিয়াই গেৰেজত পেলাই দিয়ে পিতৃয়ে৷
 
নিজৰ দোষ স্বীকাৰ কৰি সাংবাদিকৰ সন্মুখত কান্দি কান্দি হায়ৰান হোৱা ষ্টিভৰ পিতৃয়ে পুত্ৰৰ খেলৰ সামগ্ৰী গেৰেজত দলিয়াই দিয়ে৷ পিতৃয়ে কয় ‘‘সকলো থিক হৈ যাব নিজ, নিজকে চম্ভালিব লাগিব৷’’  

দুই ক্ৰিকেটাৰৰ পৰিয়ালৰ ওপৰত ছাপ পৰা দেখা যায়৷ ডেভিড ৱাৰ্নৰ পত্নী কেনডিচে সকলো ঘটনাৰ বাবে তেওঁৱে দায়ী বুলি কয়৷ ভিতৰি ভিতৰি তেওঁ শেষ হৈ যোৱা বুলি কয়৷