80
ডিজিটেল ডেস্কঃ বৰ্ধিত প্ৰদূষণ, গোলকীয় উষ্ণতা বৃদ্ধি, জনসংখ্যা বিস্ফোৰণ আদিৰ ফলত অতি শীঘ্ৰেই পৃথিৱী নামৰ সেউজীয়া গ্ৰহটো মানুহৰ বসবাসৰ বাবে অনুপযোগী হৈ পৰিব। সেয়ে সময় থাকোতেই মানুহৰ বসতিযোগ্য নতুন গ্ৰহৰ সন্ধান আৰম্ভ কৰা উচিত। এই মন্তব্য কৰিছে বিজ্ঞানী ষ্টিফেন হকিঙে।
আগন্তুক এশ বছৰৰ ভিতৰতে নতুন গ্ৰহৰ সন্ধান কৰি পৃথিৱী এৰাৰ বাবে আহ্বান জনাইছে হকিঙে। নহ’লে বিপদ অনিবাৰ্য্য বুলি বিশ্ববাসীক সাৱধানবাণী শুনাইছে ষ্টিফেন হকিঙে।