গুৱাহাটীঃ অসমত বিভিন্ন জাতি-জনগোষ্ঠীৰ লোকে বসবাস কৰে৷ বিভিন্ন সংস্কৃতি, পৰম্পৰাৰে ভৰপূৰ এই খন অসম দেশ৷ বিচিত্ৰ অসম দেশত কেইবাটাও জনগোষ্ঠী বাস কৰি আহিছে৷ কেইবাটাও জনগোষ্ঠীৰ লগতে পূৰ্বৰে পৰা অসমত বসবাস কৰি আহিছে ঐতিহ্যমণ্ডিত ‘তিৱা’ জনগোষ্ঠী৷ তিৱা লোকসকল অসমৰ খিলঞ্জীয়া জনগোষ্ঠী আৰু তিৱা লোকসকলৰ নিজস্ব ভাষা, কৃষ্টি-সংস্কৃতি লগতে বিভিন্ন জাতীয় বৈশিষ্ট্য আছে।
তাৰ ভিতৰত অতীতৰ তিৱা গোভা ৰাজ্যৰ ৰজাৰ দিনৰে পৰা পালন কৰি অহা ‘জোনবিল মেলা’ক লৈ সমগ্ৰ অসমৰ ৰাইজে গৌৰৱ বোধ কৰে। কৃষ্টি-সংস্কৃতিৰ ক্ষেত্ৰত তিৱা জনগোষ্ঠীৰ লোকসকল অন্যান্য অসমৰ জনজাতি লোকসকলৰ তুলনাত বহুদূৰ আগবাঢ়ি গৈছে যদিও ভাষাৰ ক্ষেত্ৰত তেনেই পিছপৰি আছে বুলি অভিযোগ উত্থাপিত হৈ আহিছে।