newsnextone.com | ডিজিটেল ডেস্কঃ অমৰ কৌশিকৰ দ্বাৰা পৰিচালিত বলীউডৰ তাৰকা ৰাজকুমাৰ ৰাও আৰু শ্ৰদ্ধা কাপুৰ অভিনীত ‘স্ত্ৰী’ নামৰ ছবিখনে ৫ দিনৰ ভিতৰত ৪৭ কোটি টকা উপাৰ্জন কৰি এখন সফল হিন্দী ছবি ৰুপে পৰিগণিত হয়৷ এই ছবিখনে এসপ্তাহৰ ভিতৰত ৫৬-৫৭ কোটি টকা উপাৰ্জন কৰিব বুলি ছবিখনৰ পৰিচালকে আশা প্ৰকাশ কৰিছে৷

বলীউডৰ জনপ্ৰিয় তাৰকা ৰাজকুমাৰ ৰাও আৰু ‘আশ্বিকী-২’ খ্যাত অভিনেত্ৰী শ্ৰদ্ধা কাপুৰ অভিনীত ভয় আৰু হাস্যৰস সমৃদ্ধ ছবিখনে এক ভিন্নস্বাদযুক্ত কাহিনীৰে দৰ্শকৰ মন জয় কৰিবলৈ সক্ষম হৈছে৷ 

ছবিখনে মুক্তি লাভ কৰাৰ পিছতে বুধবাৰে ছবি খনে ৫.৭৫ কোটি টকা উপাৰ্জন কৰিবলৈ সক্ষম হয়৷ ছবিখনৰ নিৰ্মাতাই প্ৰকাশ কৰা মতে ‘স্ত্ৰী’ ছবিখনে আশা কৰাতকৈ ভাল ব্যৱসায় কৰিবলৈ সক্ষম হৈছে৷

উল্লেখ্য যে, যোৱা ৩১ আগষ্টত আমেৰিকা আৰু ভাৰতত মুক্তি লাভ কাৰ ‘স্ত্ৰী’ নামৰ ছবিখনৰ পৰিচলানা কৰিছে যশস্বী পৰিচালক অমৰ কৌশিকে৷ ছবিখনৰ সংগীত পৰিচালনা কৰিছে শচীন-জিগৰ আৰু কেতন সোধাই৷ ছবিখনৰ প্ৰযোজনা কৰিছে দিনেশ বিজন, কৃষ্ণ ডিকে আৰু ৰাজ নিডিমৰুৱে৷