newsnextone.com | ডিজিটেল ডেস্কঃ অমৰ কৌশিকৰ দ্বাৰা পৰিচালিত বলীউডৰ তাৰকা ৰাজকুমাৰ ৰাও আৰু শ্ৰদ্ধা কাপুৰ অভিনীত ‘স্ত্ৰী’ নামৰ ছবিখনে ৫ দিনৰ ভিতৰত ৪৭ কোটি টকা উপাৰ্জন কৰি এখন সফল হিন্দী ছবি ৰুপে পৰিগণিত হয়৷ এই ছবিখনে এসপ্তাহৰ ভিতৰত ৫৬-৫৭ কোটি টকা উপাৰ্জন কৰিব বুলি ছবিখনৰ পৰিচালকে আশা প্ৰকাশ কৰিছে৷
বলীউডৰ জনপ্ৰিয় তাৰকা ৰাজকুমাৰ ৰাও আৰু ‘আশ্বিকী-২’ খ্যাত অভিনেত্ৰী শ্ৰদ্ধা কাপুৰ অভিনীত ভয় আৰু হাস্যৰস সমৃদ্ধ ছবিখনে এক ভিন্নস্বাদযুক্ত কাহিনীৰে দৰ্শকৰ মন জয় কৰিবলৈ সক্ষম হৈছে৷