গোৰেশ্বৰঃ অবিভক্ত কামৰূপ জিলাৰ গোৰেশ্বৰৰ ৰাজ্যৰ অতি পুৰণি অদ্বিতীয় সংঘ ‘বেতনা শিক্ষা আৰু কৃষি উন্নয়ন সংঘ’ই আজি স্থানীয় কলাগুৰু বিষ্ণুৰাভা ভৱনত এক বিশেষ অভিনন্দন অনুষ্ঠান অনুষ্ঠিতকৰে। বেতনা শিক্ষা আৰু কৃষি উন্নয়ন সংঘৰ সভাপতি অমীন্দ্ৰ নাথৰ পৌৰহিত্যত অনুষ্ঠিত অভিনন্দন অনুষ্ঠানৰ সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে হলিৰাম দাসে।
অভিনন্দন অনুষ্ঠানত উচ্চ মাধ্যমিক ১৪২ গৰাকী আৰু উচ্চতৰ মাধ্যমিকৰ ৯৫ গৰাকী সৰ্বমুঠ ২৩৭ জন কৃতী ছাত্ৰক সম্বৰ্ধনা জনোৱা হয়। উল্লেখ্য যে ১৯৮৫ চনৰ পৰাই ৰাজ্যৰ বৃহৎ সংঘটোৱে কৃতী ছাত্ৰ-ছাত্ৰীক অভিনন্দন জ্ঞাপন কৰি আহিছে। অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি বিটিচিৰ কাৰ্যবাহী সদস্য মহেশ্বৰ বসুমতাৰীয়ে বৰ্তমান সময়ত ছাত্ৰ-ছাত্ৰীয়ে ভীষণ প্ৰতিযোগিতাৰ সম্মুখীন হৈছে বুলি কয়।