newsnextone.com।খেৰণিঃ চিপাহী বিদ্ৰোহ নহয়, এইবাৰ বিদ্যালয়ৰ চৌহদত আকোঁৰগোজকৈ চলিল ছাত্ৰ-ছাত্ৰীৰ বিদ্ৰোহ। অতি পৰিতাপৰ বিষয় যে বিদ্ৰোহৰ সৃষ্টি হ’ল পশ্চিম কাৰ্বি আংলঙৰ বৈঠালাংছ’ জৱাহৰ নৱোদয় বিদ্যালয়খনত। অধ্যক্ষ দীনেশ বাবু যাদৱৰ বিৰুদ্ধে উত্থাপিত হল বিদ্যালয়খনৰ শিক্ষাৰ্থীৰ সীমাহীন অভিযোগ।
কেৱল চলে বিদ্যালখনত অধ্যক্ষৰ মইমতালি, কোনো যাৱতীয় ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ কৰে ক্ষোভিত ছাত্ৰ-ছাত্ৰীসকলে। অভিযোগ অনুসৰি বিদ্যালয়খনত নাই কোনো বিশুদ্ধ খোৱা পানীৰ ব্যৱস্থা, নাই খেলৰ যাৱতীয় সামগ্ৰী, নাই পুথিভঁৰালত প্ৰয়োজনীয় কিতাপ-পত্ৰ, আনকি নাই বিজ্ঞান শাখাৰ দুটাকৈ বিষয়ৰ বিষয় শিক্ষক। যাৰ পৰিপ্ৰেক্ষিতত বৈঠালাংছ’ জৱাহৰ নৱোদয় বিদ্যালয়ৰ চৌহদত বৃহস্পতিবাৰে পুৱাৰে পৰা প্ৰতিবাদেৰে উত্তাল হল বিদ্যালয়ৰ চৌহদ।