newsnextone.com | গুৱাহাটীঃ ধেমাজি কাণ্ডৰ কলংকিত খলনায়ক জাতিদ্ৰোহী সুবোধ বিশ্বাস জেলৰ পৰা মুকলি আকাশৰ তললৈ আহিল৷ ১৮ ছেপ্তেম্বৰত গুৱাহাটী উচ্চ ন্যায়ালয়ে জাতিদ্ৰোহী সুবোধ বিশ্বাসৰ জামিন মঞ্জুৰ কৰাৰ পিছত আজি সুবোধ বিশ্বাস মুকলি আকাশৰ তললৈ ওলাই আহে৷
উল্লেখ্য যে, ২০১৭ চনৰ ৬ মাৰ্চত ধেমাজিৰ চিলাপথাৰস্থিত আছুৰ কাৰ্যালয়ত আকৰ্মণ চলাই সুবোধ বিশ্বাসৰ নেতৃত্বৰ একাংশ বঙালী যুৱকে অসমীয়া জাতিক অৱমাননা কৰিছিল৷ এই ঘটনাত সুবোধ বিশ্বাস জড়িত থকা বুলি নিশ্চিত হোৱাৰ পিছতে কেইবাদিনো ধৰি পলায়ন কৰি থকাৰ পিছত অৱশেষত আৰক্ষীয়ে সুবোধক আচক কৰে৷