newsnextone.com। তেজপুৰঃ অসম খনেই আজি সুৰক্ষিত নহয় আৰু জনজাতি বেল্ট সংৰক্ষণৰ কথা ক’ৰ পৰা আহিব। এই মন্তব্য ৰাজ্যসভাৰ সাংসদ বিশ্বজিৎ দৈমাৰীৰ। সোমবাৰে তেজপুৰত সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত সাংসদগৰাকীয়ে কয় যে, এইখন অসমত কোনটো বস্তু সুৰক্ষিত কৰাৰ কাৰণে আমি চিন্তা কৰো বুলি বিস্ফোৰক মন্তব্য কৰে।
ট্ৰাইবেল ব্লক যেতিয়া গঠন কৰা হৈছিল সেইফালৰ পৰা যদি চোৱা যায় দেখিব সেই সময়ৰ ট্ৰাইবেল ব্লেট ব্লক ক’ত আছিল আৰু এতিয়া ক’ত ? আগৰ যি হ’ল হ’ল কিন্ত বৰ্তমান সময়ৰ পৰা অসমৰ খিলঞ্জীয়া মানুহখিনি আৰু ট্ৰাইবেল বেল্ট কিদৰে সুৰক্ষিত কৰিব পৰা যায় সেই ক্ষেত্ৰত বিবেচনা কৰা দৰকাৰ বুলি গুৰুত্বপূৰ্ণ মন্তব্য কৰে।