মঙলদৈঃ পঢ়াই পঢ়ে ৰুৱে পাণ, এই তিনিয়ে নিচিন্তে আন৷ এই আপ্ত বাক্যশাৰীক সঁচা বুলি প্ৰমাণিত কৰিছে দৰঙৰ এগৰাকী খেতিয়কে৷ মেধাৱী ছাত্ৰই শিক্ষাৰ বাহিৰে আন কথা চিন্তাৰ নকৰাৰ লগতে মানৱ সম্পদ গঢ়াৰ খনিকৰ প্ৰকৃত শিক্ষক সকলেও শিক্ষাদানৰ বাহিৰে আন কথা নিচিন্তে৷
দৰং জিলাৰ বৰঙাবাৰী গাঁৱৰ কৃষক নয়ন শইকীয়াই প্ৰকৃত শিক্ষক আৰু মেধাৱী ছাত্ৰৰ দৰে পাণ খেতিৰ বাহিৰে আন কথা ভবাৰ যেন আহৰি নাই৷ নয়ন শইকীয়াই যোৱা দহ বছৰে পাণৰ খেতি কৰি স্বাৱলম্বী হোৱাৰ লগতে আন দহ গৰাকী লোকৰ বাবে আদৰ্শ হৈ পৰিছে।
কৃষকগৰাকীয়ে তামোল-নাৰিকলৰ গছৰ লগতে ঘৰৰ বেৰ ছাং আদিত পাণ খেতি কৰি অৰ্থ উপাৰ্জনৰে পৰিয়াল পোহপাল দি আহিছে৷ শইকীয়াই পূৰ্বে পাণ খেতি তামোল নতুবা নাৰিকলৰ গছত লগাইছিল যদিও বানপানীৰ সময়ত পাণবোৰ মৰি গৈছিল৷
যাৰ ফলত বহু টকাৰ ক্ষতি হৈছিল কৃষকগৰাকীৰ৷ নয়ন শইকীয়াই ন’ চিন্তাৰে ওখ ঠাইত তথা পানী নুঠা ঠাইত পাণ খেতি কৰি স্বাৱলম্বী হৈছে। বিগত দহ বছৰে এনেদৰে খেতি কৰি নিজ ঘৰখন পোহপাল দি আহিছে। অসমীয়া লোক সমাজত বিয়া-সবাহ, উৎসৱ পাৰ্বণত পাণৰ প্ৰয়োজনীতা থকাৰ বাবে আমাৰ ৰাজ্যখনত পাণৰ চাহিদা আছে৷ নয়ন শইকীয়াৰ দৰে যুৱ প্ৰজন্মই পাণৰ খেতি কৰি স্বাৱলম্বী হ’ব পাৰে৷