মঙলদৈঃ পঢ়াই পঢ়ে ৰুৱে পাণ, এই তিনিয়ে নিচিন্তে আন৷ এই আপ্ত বাক্যশাৰীক সঁচা বুলি প্ৰমাণিত কৰিছে দৰঙৰ এগৰাকী খেতিয়কে৷ মেধাৱী ছাত্ৰই শিক্ষাৰ বাহিৰে আন কথা চিন্তাৰ নকৰাৰ লগতে মানৱ সম্পদ গঢ়াৰ খনিকৰ প্ৰকৃত শিক্ষক সকলেও শিক্ষাদানৰ বাহিৰে আন কথা নিচিন্তে৷
দৰং জিলাৰ বৰঙাবাৰী গাঁৱৰ কৃষক নয়ন শইকীয়াই প্ৰকৃত শিক্ষক আৰু মেধাৱী ছাত্ৰৰ দৰে পাণ খেতিৰ বাহিৰে আন কথা ভবাৰ যেন আহৰি নাই৷ নয়ন শইকীয়াই যোৱা দহ বছৰে পাণৰ খেতি কৰি স্বাৱলম্বী হোৱাৰ লগতে আন দহ গৰাকী লোকৰ বাবে আদৰ্শ হৈ পৰিছে।