প্ৰতিকী ফটো

ডিজিটেল ডেস্কঃ মেচেজিং এপ বুলিলে  হোৱাটছএপৰ নামেই মুখলৈ আহে৷ কিন্তু মেছেজিং নহয়, শিশু বিক্ৰীৰ মাধ্যম হিচাপে হোৱাটছএপ ব্যৱহাৰ হোৱা ঘটনাই সমগ্ৰ দিল্লীতে চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ দিল্লীৰ জামা মছজিদৰ পৰা এক আঢ়ৈ বছৰীয়া শিশুক অপহৰণ কৰিছিল ৩ মহিলাই৷

অপহৰণ কৰি শিশুটোৰ বিক্ৰীক বাবে হোৱাটছএপত বিজ্ঞাপন দিয়ে অপহৰণকাৰীয়ে৷ তদুপৰি প্ৰায় ১ লাখ টকা মূল্যও নিৰ্ধাৰণ কৰা হয় শিশুটিৰ বাবে৷ উক্ত বিজ্ঞাপনটোৰ বিষয়ে এগৰাকী ব্যক্তিয়ে অৱগত কৰে আৰক্ষীক৷ অৱশেষত আৰক্ষীৰ তৎপৰতাত উদ্ধাৰ হয় শিশুটো৷

ঘটনাত জড়িত ৩ মহিলাক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে৷ বিগত ৫ জুনত পিতৃ-মাতৃৰ সৈতে জামা মছজিদত আহোতেই অপহৃত হৈছিল শিশুটো৷ হোৱাটছএপ গ্ৰুপত বিজ্ঞাপনটো দেখি সেই গ্ৰুপৰে এগৰাকী সদস্যই আৰক্ষীক এই বিষয়ে অৱগত কৰিছিল৷