চাপৰঃ জীৱন আচলতে কি৷ এমোকৰা উশাহৰ এটা সমষ্টি৷ সুখী হোৱাৰ মানসেৰে যাপন কৰা কিছু ক্ষণৰ নালেই হয়তো জীৱন৷ ধুবুৰী জিলাৰ চাপৰ ৰাজহ চক্ৰৰ অন্তৰ্গত শালকোছা অঞ্চলৰ হাপাপাৰা গাওঁৰ এইজন যুৱকৰ নাম শুদ্ধদেৱ বৰ্মন৷ ৪ বছৰ বয়সৰ পৰাই সপোন হেৰুৱাই সুদীৰ্ঘ ১৫ টা বসন্ত অতিক্ৰম কৰিলে এখন কাঠৰ বিছনাত৷
বিশেষভাৱে সক্ষম এই যুৱকজনে চলা-ফুৰাতো দুৰৰে কথা উঠিব বহিবও নোৱাৰে৷ ধূলি উৰুৱাই হাঁহিৰ খলকনি তোলা বয়সতে এক জটিল ৰোগত আক্ৰান্ত হৈছিল শুদ্ধদেৱ৷ আৰ্থিকভাৱে দুৰ্বল পৰিয়ালটোৱে সেই সময়ত সু-চিকিৎসা কৰিব নোৱাৰাৰ ফলত কাঠৰ বিচনাখনেই চিৰসংগী হৈ পৰিল শুদ্ধদেৱৰ বাবে৷ বৰ্তমান এই কাঠৰ বিছনাখনতেই শুদ্ধদেৱে কৰে জীয়াই থকাৰ কচৰৎ৷