ঢেকীয়াজুলিঃ অসম আন্দোলনৰ হোতা, একালৰ ছাত্ৰ সন্থাৰ নেতা, অগপৰ নেতা, ৰাজহুৱা কৰ্মী চুলতান হুছেইনৰ মৃত্যুত শোকৰ ছাঁ পৰে শোণিতপুৰত৷ দিল্লীস্থিত এপ’ল হস্পাতালত চিকিৎসাধীন অৱস্থাত চুলতান হুছেইনে ৭মাৰ্চৰ বিয়লি মৃত্যুক আকোৱালি লয়৷ ৫৬বছৰ বয়সত ইহসংসাৰ ত্যাগ কৰা জাতীয়তাবাদী শিবিৰৰ নেতা চুলতান হুছেইনে মৃত্যুৰ সময়ত পত্নী বিজু শইকীয়াৰ লগতে দুগৰাকী পুত্ৰ-কন্যাক এৰি থৈ যায়৷
মিছামাৰীৰ পাতিদৈভেৰেলাৰ বাসিন্দা প্ৰয়াত শিক্ষক বিল্লাল হুছেইনৰ পুত্ৰ চুলতান হুছেইন ১৯৬১ চনত জন্ম গ্ৰহণ কৰিছিল৷ ছাত্ৰ অৱস্থাৰ পৰাই সামাজিক কামত জড়িত হৈ পৰি ৰঙাপাৰা আঞ্চলিক ছাত্ৰ সন্থাৰ সাধাৰন সম্পাদকৰ দায়িত্ব লোৱাৰ লগতে অসম আন্দোলনত জপিয়াই পৰিছিল৷ আনহাতে মিছামাৰী শাখা ছাত্ৰ সন্থাৰ প্ৰতিষ্ঠা কালৰ পৰাই জৰিত হৈ আছিল৷