ৰঙিয়াঃ শ্ৰমজীৱি খাটি খোৱা মানুহৰ কোনো ধৰ্ম নাথাকে৷ যন্ত্ৰই কোনো ধৰ্ম চিনি নাপায়৷ যন্ত্ৰই কোনো নিৰ্দিষ্ট এটা ধৰ্মৰ মানুহৰ বাবে সামগ্ৰী উৎপাদন নকৰে৷ কিন্তু দেশত এটা বিশেষ সংগঠনে এতিয়া সকলো ক্ষেত্ৰতে ধৰ্মৰ বিষয়টোক টানি আনি মানুহক ভাগ ভাগ কৰাৰ ষড়যন্ত্ৰত লিপ্ত হৈছে৷
গণতন্ত্ৰকামী নাগৰিকে এইসমূহ কাৰ্যৰ বিৰুদ্ধাচাৰণ কৰিলে তেওঁলোকে মহাত্মা গান্ধী, আম্বেদকাৰ, ভ্লাডিমিৰ লেনিন আদিৰ দৰে মানুহৰ মুক্তিৰ গান গোৱা মনীষীৰ প্ৰতিমূৰ্তি ভাঙি পেলায়৷ এই ভাষ্য চি আই টি ইউৰ অসম ৰাজ্যিক সমিতিৰ সম্পাদক তপন শৰ্মাৰ৷ শ্ৰমিক সংগঠনটোৱে আহ্বান জনোৱা জাঠা কাৰ্যসূচীত ৰঙিয়াৰ হাইৱে চকত শ্ৰমিক নেতাগৰাকীয়ে এই মন্তব্য আগবঢ়ায়৷